Your Voice, Our Strength

আপোনাৰ চৰুৰ পঁইতা ভাতে বিদেশত লগাইছে খলকনি, কি আছে পঁইতা ভাতত….

আজিৰ খবৰ,১৩ জুলাই : অসমীয়া সমাজৰ গ্ৰাম্য জীৱনৰ জনপ্ৰিয় সুস্বাদু খাদ্য পঁইতা ভাত। পঁইতা ভাত মানে হ’ল আগৰাতিতে ৰন্ধা ভাতত চেচা পানী দি থোৱা ভাত। ১২ ঘন্টা মান পানীত তিয়াই ৰাখি এই ভাত প্ৰস্তুত কৰা হয়। পঁইতা ভাত আৰু আলু পিটিকাৰ জুতিয়ে এইবাৰ বিদেশীক মন মুহিছে । অষ্ট্ৰেলিয়াত স্বীকৃতি লাভ কৰিলে পঁইতা ভাত আৰু আলু পিটিকাই ।পঁইতা ভাতৰ সোৱাদত বিদেশীয়ে কৰিলে উচ্চ প্ৰশাংসা । অষ্ট্ৰেলিয়াৰ এক টিভি অনুষ্ঠান ”মাষ্টাৰ চেফ অষ্ট্ৰেলিয়া”ৰ ফাইনেল ৰাউণ্ডত প্ৰৱেশ কৰিলে অসমৰ এই পঁইতা ভাত আৰু আলু পিটিকাই । অসমৰ দৰেই বাংলাদেশ আৰু চুবুৰীয়া ৰাজ্য পশ্চিমবংগত জনপ্ৰিয় এই পঁইতা ভাত।উল্লেখ্য যে বাংলাদেশৰ এগৰাকী মহিলা কিশ্বৰ চৌধুৰীয়ে ভজা মাছ আৰু আলু পিটিকা সমৃদ্ধ পঁইতা ভাত পৰিবেশন কৰিছিল অষ্ট্ৰেলিয়াৰ এক টিভি অনুষ্ঠান ”মাষ্টাৰ চেফ অষ্ট্ৰেলিয়াত । এই পঁইতা ভাত আৰু আলু পিটিকাই ফাইনেল ৰাউণ্ডত প্ৰৱেশ কৰি
বিচাৰকৰ মন জয় কৰিলে কিশ্বৰ চৌধুৰীয়ে । “এনেধৰণৰ ব্যঞ্জন কোনো ৰেষ্টুৰেণ্টত পোৱা নাযায় বুলি বিচাৰকক জানিবলৈ দি এই বিধ ব্যঞ্জন পৰিবেশন কৰিবলৈ পায় যথেষ্ট সুখী বুলি মন্তব্য কৰে বাংলাদেশৰ মহিলা কিশ্বৰ চৌধুৰীয়ে ।

কি আছে এই পঁইতা ভাতত –

P&C

বিশেষজ্ঞই পঁইতা ভাতৰ ওপৰত পৰীক্ষা নিৰীক্ষা চলাই কেবাটাও বিশেষ তথ্য উৎঘাটন কৰিছে। সেইকেইটা হ’ল……

১) ইয়াত ভিটামিন বি – ৬ আৰু ভিটামিন বি – ১২ পোৱা যায়।

২) উচ্চ ৰক্তচাপ থকা, ৰক্তহীনতা ৰোগত আক্ৰান্ত ৰোগী, হৃদৰোগীৰ বাবে ই মহৌষধ।

৩) পঁইতা ভাতে ভিটামিন – ই সংশ্লেষণ কৰে ফলত মৃত কোষ বোৰ পুণৰ্গঠন হয়।

৪) এই ভাতত যথেষ্ট পৰিমাণে পটেচিয়াম আৰু আইৰণ পোৱা যায়।

৫ ) ই সহজে হজম হয় বাবে লিভাৰ সুৰক্ষিত থাকে ।
৬) পেট খোলোচা হয় বাবে পেটৰ বহু সমস্যা দূৰ হয়।
পঁইতা ভাত খালে কোষ্ঠকাঠিন্য দূৰ হয়। পেটৰ গণ্ডগোল কম হোৱা দেখা যায় লগতে পেটত চৰ্বী সঞ্চয় ৰোধ কৰাত সহায় কৰে। ইয়াত এবিধ এচিদ উৎপন্ন হয়। এই এচিদ বিধৰ নাম লেক্টিক এচিদ । এই লেক্টিক এচিদে মাতৃদুগ্ধৰ পৰিমাণ বৃদ্ধি কৰে। তদুপৰি এই ভাত গাৰ ছালৰ বাবেও উপকাৰী। এই ভাতৰ আন এটা উপকাৰিতা হ’ল, পানীত তিয়াই ৰখা বাবে আমাৰ শৰীৰৰ বাবে উপযোগী বেক্টেৰিয়া উৎপন্ন ফলত কম পৰিমাণে কিন্বন প্ৰক্ৰিয়া চলে। সেয়েহে এই ভাত খালে সামান্য টোপনি ভাৱ আহে। পিছে শীতকালৰ বাবে ই উপকাৰী নহয় বুলি জনা যায়।

পঁইতা ভাত খালে পেটত চৰ্বী নহয় অৰ্থাৎ মানুহ পেটুৱা নহয় বুলি জনবিশ্বাস আছে। পঁইতা ভাতৰ পুষ্টি আৰু উপকাৰিতাৰ ওপৰত লক্ষ্য ৰাখি এতিয়া বহু ৰেষ্টুৰেন্ট, হোটেলে এই বিধ ভাত বিক্ৰী কৰে বুলি গম পোৱা গৈছে।

পঁইতা ভাতৰ প্ৰতিটো খাদ্য প্ৰণালীতে নিমখ আৰু মিঠাতেল অপৰিহাৰ্য্য । এইবোৰৰ প্ৰতি বিধৰে সোৱাদ সুকীয়া আৰু কোনোটোৰ লগত কোনোটোৰে তুলনা নহয়। যিবিধেই নাখাওক কিয় পঁইতা ভাত এবিধ অতি উপাদেয় খাদ্য। এই ভাত খালে দিনটোলৈ গাটো শাত পৰি থাকে।
পঁইতা ভাতৰ জুতি —
১) পঁইতা ভাত আৰু জুইত পোৰা আলুৰ পিটিকা।

২) পঁইতা ভাত আৰু পোৰা বেঙেনাৰ পিটিকা ।

৩) পঁইতা ভাত আৰু সিজোৱা কঠাল গুটি বা জুইত পুৰি লোৱা কঠাল গুটি।

৪) পঁইতা ভাত আৰু খৰিৰ জুইত পুৰি লোৱা গৰৈ মাছ বা কাৱৈ মাছৰ পিটিকা।

৫) পঁইতা ভাত আৰু পটাত বটা মচুৰ দাইল।

৬) পঁইতা ভাত আৰু লগত সৰু সৰুকৈ কটা পিয়াজ, জলকীয়া ।

পঁইতা ভাতক নামনি অসমত পন্তা বা পান্তা ভাত বোলে। অসমৰ বিভিন্ন স্থানত, বিভিন্ন জনগোষ্ঠীৰ মাজত পঁইতা ভাতৰ আদৰ আছে।অসমৰ কিছুমান ঠাইত চেৰা বিহুৰ দিনা বা গৰু বিহুৰ দিনা এই ভাত খোৱা নিয়ম আছে। আগৰ দিনত একাঁহী পঁইতা ভাত খাই মানুহে দিনটো কাম কৰিছিল। পঁইতা ভাত খালে পেশী সবল আৰু মজবুত হয় বুলি জনবিশ্বাস আছে। কথাটো হয়ো চাগৈ।

এইবিধ ভাত অসমৰ গ্ৰামাঞ্চলৰ কৃষি জীৱি ৰাইজৰ মাজত অতি জনপ্ৰিয়। জনামতে আমাৰ ওচৰ চুবুৰীয়া কেইখনমান দেশতো ইয়াৰ প্ৰচলন আছে।

You might also like