
চামগুৰিৰ এটি দৰিদ্ৰ পৰিয়াল।
গাড়ী চলাই জীৱন নিৰ্বাহ কৰা চামগুৰিৰ হাহঁচৰা গাঁৱৰ নিতুল লস্কৰৰ পৰিয়াললৈ নামি আহিছে কাল বিভিষিকা।
আজিৰ খবৰ, চামগুৰি, ১৪ জুলাই :- চামগুৰিৰ এটি দৰিদ্ৰ পৰিয়াল। গাড়ী চলাই জীৱন নিৰ্বাহ কৰা চামগুৰিৰ হাহঁচৰা গাঁৱৰ নিতুল লস্কৰৰ পৰিয়াললৈ নামি আহিছে কাল বিভিষিকা। ক’ভিড SOP ৰ নিৰ্দেশ মৰ্মে বৰ্তমান যান বাহন সমূহ চলোৱা বন্ধ হৈ পৰাত লস্কৰৰ পানীত হাঁহ নচৰা অৱস্থা। যোৱা কেইবাটাও মাহ দুৰাৰোগ্যত আক্ৰান্ত হৈ থকা পত্নীক উন্নত চিকিৎসাৰ বাবে নিব পৰা নাই চিকিৎসালয়লৈ। বাহন চালক নিতুল লস্কৰৰ পত্নী বাসন্তী লস্কৰ বৰ্তমান এখন বিছনাতেই কটাব লগীয়া হৈছে দিন-ৰাতি। নিতুল লস্কৰৰ পত্নীক চিকিৎসাৰ বাবে চুবুৰীয়া গাওঁবাসীয়ে আৰ্থিক ভাৱে সহায় কৰিছে যদিও বাসন্তী ক উন্নত চিকিৎসা কৰাব পৰা নাই গাড়ী চালক লস্কৰে। আনহাতে লস্কৰো কেইদিনমানৰ পৰা অসুস্থ হৈ পৰাত গাড়ী চলাই গোটাই থোৱা ধন সকলো খৰচ কৰি এতিয়া চিকিৎসাৰ বাবে একো উপাই নোহোৱাত ঘৰতে থাকিব লগীয়া হৈছে নিতুল লস্কৰ আৰু তেওঁৰ পত্নী বাসন্তী। বৰ্তমান ওচৰ চুবুৰীয়া আৰু বাসন্তীৰ পৰিয়ালে আশাৰে বাট চাইছে কোনোবা সু হৃদয়ৱান লোকলৈ। সকলো সময়তে সমষ্টিবাসী ৰাইজৰ লগত থকা বিধায়ক ৰকিবুল হুছেইনলৈ আহ্বান জনায় যে বাসন্তীৰ লগতে পৰিয়ালটোলৈ সহায় আগবঢ়ায়। লগতে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত লৈও আহ্বান জনায় দৰিদ্ৰ পৰিয়ালটোক সহায় কৰি উন্নত চিকিৎসা কৰিবৰ বাবে সহায় কৰিবলৈ । যদি কোনোবা সুহৃদয়বান লোকে পৰিয়ালটোক সহায় কৰিবলৈ মন কৰে তেনেহ’লে বাসন্তী লস্কৰৰ নামত 36165428307একাউন্ট নাম্বাৰ IFSC:-SBIN0002119ত কিছু সহায় কৰাৰ লগতে ………যোগাযোগ কৰিবলৈও আহ্বান জনায়।
