Your Voice, Our Strength

গ্ৰন্থৰ সুবাস বিচাৰি , সু- লেখিকা ইলু দেৱী বৰুৱাৰ ‘আপী পলাল’ …

আজিৰ খবৰ,১৫ জুলাই: বিশিষ্টা লেখিকা তথা অসমৰ কাৰাগাৰৰ প্ৰথম গৰাকী মহিলা অধীক্ষক সকলোৰে পৰিচিত সুলেখিকা ইলু দেৱী বৰুৱাৰ তিনিখনকৈ গ্ৰন্থ একেলগে প্ৰকাশ হৈছে । আপী পলাল (গল্প সংকলন) , লাৰুৱা গোপাল ( শিশু নাট ) আৰু ৰূ মৰ্গৰ হত্যা ৰহস্য (অনূদিত গ্ৰন্থ )
আপী পলাল ‘ নামৰ গল্প সংকলনটি উন্মোচন কৰিছে প্ৰবীণ সাংবাদিক তথা লেখক ৰহস্য আলোচনীৰ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক দামোদৰ শৰ্মাদেৱে। লাৰুৱা গোপাল নামৰ শিশু নাট খনি
যুটীয়া ভাবে উন্মোচন কৰিছে অসম লেখিকা সংস্থাৰ কাৰ্যকৰী সভানেত্ৰী মৃদুলা শৰ্মা আৰু জীবাংশ কাশ্যপ ওৰফে জীউ-এ ।আনহাতে অনূদিত গ্ৰন্থ ৰূ মৰ্গৰ হত্যা ৰহস্য উন্মোচন কৰিছে
শিশু সাহিত্যিক হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞিয়ে। তিনিওখন গ্ৰন্থৰ বেটুপাত নিজেই অংকন কৰিছে লেখিকা ইলু দেৱী বৰুৱাই ।
তিনিওখন গ্ৰন্থ আইএচবিএন নম্বৰ সহ প্ৰকাশ কৰিছে স্বৰ্ণলতা প্ৰকাশনে । গ্ৰন্থ প্ৰকাশ বা গ্ৰন্থৰ সৃষ্টি বুলি কওঁতে এইখিনিতে এজন বৰেণ্য সাহিত্যিকলৈ মনত পৰিছে । শ্ৰদ্ধাৰ প্ৰয়াত লক্ষ্মীনন্দন বৰা চাৰ । তেখেতে কৈছিল : “মোৰ আটাইতকৈ creative period কোনটো জানা–যিটো সময়ত মোৰ টকা পইচা নাছিল, চাইকেল মাৰি ঘূৰি ফুৰিছিলোঁ, গভৰ্নমেন্ট কলেজৰ প্ৰবক্তা হৈ যেতিয়া দুশ আঠচল্লিছ টকা পঞ্চাশ পইচা দৰমহা পাইছিলোঁ । সেই সময়ত মানুহৰ লগ পাই সংগ পাই যিকেইটা গল্প লিখিছিলোঁ সেইকেইটা গল্পৰ বাবেহে তিস্থি থাকিম । পিছৰখিনি থাকেনে নাই কব নোৱাৰোঁ । সেই সময়ত ‘সখা দামোদৰ’ লিখিছিলো, ‘গুৰু পৰ্ব’,’প্ৰেমদা পোহাৰী’ৰ দৰে গল্প লিখিছিলোঁ , ‘গঙা চিলনীৰ পাখি’ লিখিছিলোঁ । ‘পাতাল ভৈৰৱী’ এতিয়া মানুহে পঢ়ি আছে , কিন্তু নাইকিয়া হৈ যাব পাৰে । কিন্তু ‘গঙা চিলনীৰ পাখি’ খনক সহজে নোহোৱা কৰিব নোৱাৰে । ‘পাতাল ভৈৰৱী’ৰ যিটো চমক আছে সেই চমক মই জানি-শুনি কৰা ।কিন্তু ‘গঙা চিলনীৰ পাখি’ লিখোতে সাহিত্যৰ কোনো কথাই মই নাজানিছিলোঁ ।মোৰ কথা আছিল I have to finish the story convincingly .গতিকে তাত যদি কিবা কৌশল আছে সেয়া নিজে নিজে সৃষ্টি হোৱা এক সাহিত্য । হয় , বৰেণ্য সাহিত্যিক গৰাকীৰ দৰেই সুলেখিকা ইলু দেৱী বৰুৱাৰ সাহিত্যতো কিবা এক চমক আছে । যাৰ বাবে প্ৰতিখন গ্ৰন্থক পঢ়ুৱৈ সমাজে সহজে আঁকোৱালি ল’ব পাৰে । ভাল খবৰ এইটোৱেই যে একেলগে তিনিখন গ্ৰন্থ পঢ়ুৱৈ সমাজলৈ আগবঢ়াই দিছে । আশা কৰোঁ এইকেইখন গ্ৰন্থইও পঢ়ুৱৈ সমাজৰ পৰা সমাদৰ পাব ।

P&C
You might also like