Your Voice, Our Strength

সাৱধান : পৃথিৱীত কোভিড ১৯ ৰ তৃতীয় জোৱাৰ আৰম্ভ

সতর্কবাণী জাৰি কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷

আজিৰ খবৰ, ১৬ জুলাই: বিশ্বত ডেল্টা সংক্ৰমণৰ উদ্ধেগজনক খবৰ পাছতে কোভিড ১৯ তৃতীয় জোৱাৰৰ তথ্যই বিশ্ববাসীক চিন্তিত কৰিছে । পৃথিৱীত এতিয়া প্রাৰম্ভিক পর্যায়ত

কোভিড ১৯ তৃতীয় জোৱাৰৰ আৰম্ভ হোৱাৰ কথা সদৰি কৰিছে বিশ্ব স্বাস্থ্য সন্থাই । ইতিমধ্যে

P&C

সতর্কবাণী জাৰি কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷ ডেল্টা প্রকৰণৰ বিস্তাৰ বৃদ্ধি পোৱাক লৈ উদ্বেগ প্রকাশ কৰি ‘হু’ৰ মুৰব্বী ঘেব্রেয়েছাছে কয় যে মানৱ স্বাস্থ্যক লৈ পদক্ষেপ সঠিক নোহোৱাৰ বাবে আক্রান্ত আৰু মৃতকৰ সংখ্যা বৃদ্ধি পাইছে৷সংবাদমধ্যমক হু’ৰ মুৰব্বীগৰাকীয়ে জনাই যে টিকাকৰন কৰাৰ পাছতো ইউৰোপ আৰু উত্তৰ আমেৰিকাত ক’ভিড–১৯ত পুনৰ পজিটিভৰ সংখ্যা বৃদ্ধি পোৱাটো বিপদৰ ইংগিত৷ ভাইৰাছটো ধাৰাবাহিকভাৱে বিৱর্তিত হৈ আছে, ফলত ভাইৰাছটোৰ প্রকৰণ অধিক সংক্রমণশীল হৈ গৈ আছে৷ তেওঁ কয় যে বর্তমান ১১১খন দেশত বিয়পি পৰিছে ডেল্টা প্রকৰণ আৰু ই শীঘ্রেই সমগ্র বিশ্বকে সাঙুৰি ল’ব৷ আন্তর্জাতিক পর্যায়ত ক্রমাগতভাৱে চতুর্থটো সপ্তাহত ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ ছটা মণ্ডলতে আক্রান্তৰ লগতে মৃতকৰ সংখ্যা বৃদ্ধি হৈছে৷ ক’ভিড ভেকচিনৰ গোলকীয় বিতৰণ আৰু জীৱনৰক্ষক সঁজুলি লাভ কৰাৰ ক্ষেত্রত দেশসমূহৰ মাজত চলা অসমতাক লৈ ক’ভিড–১৯ৰ জৰুৰী কমিটীক মনোযোগ দিবলৈও আহ্বান জনায় ‘হু’ৰ মুৰব্বীগৰাকীয়ে৷

You might also like