Your Voice, Our Strength

ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে আইপিএছ বৈভৱ চি নিম্বালকাৰ

অব্যাহত ৰাখিছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান

আজিৰ খবৰ,১৬জুলাই: কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক (এছপি) আইপিএছ বৈভৱ চি নিম্বালকাৰৰ উদ্যোগত ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে ব্যাপকভাবে অভিযান অব্যাহত আছে। জিলাখনত দায়িত্ব পোৱাৰ পিছৰে পৰা অধীক্ষক গৰাকীয়ে আৰক্ষীৰ দলটোক অধিক সক্ৰিয় কৰি শক্তিশালী ভূমিকা পালন কৰিবলৈ সক্ষম হৈছে । ।তথ্য লাভ কৰাৰ পাছতই অধিক তৎপৰতাৰে ড্ৰাগছৰ ওপৰত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু বহুকেইটা অপৰাধীক ধৰিবলৈ সক্ষম হৈছে আইপিএছ বৈভৱ চি নিম্বালকাৰ । এক চৰকাৰী বিবৃতিত কাছাৰ আৰক্ষীয়ে কয়, যোৱা এসপ্তাহত দুটা পৃথক স্থানৰ পৰা ১০০ কিলোগ্ৰামতকৈও অধিক গাঞ্জা উদ্ধাৰ কৰা হৈছে আৰু তিনিজন অভিযুক্তকো গ্ৰেপ্তাৰ কৰা হৈছে। প্ৰথম অভিযানটো থেলিবাৰেলবেণ্ড আৰক্ষী থানাৰ অন্তৰ্গত থালিগ্ৰাম বস্তিত কৰা হৈছিল বুলি জানিব পৰা গৈছে ।আৰক্ষীয়ে অভিযানৰ সময়ত ৮২ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰিছে আৰু দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। তদুপৰি, এক গোপন সূত্ৰৰ জৰিয়তে আৰক্ষীয়ে সোনাই ৰোডৰ এখন স্কুটীত লুকুৱাই থোৱা ২৫.১০ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰাৰ লগতে ঘটনাটোত ১ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । জিলাখনত বহু দিন ধৰি চলি থকা অপৰাধজনীত কাণ্ডবোৰ ৰোধ কৰিবলৈ এছ পি বৈভৱ চি নিম্বালকৰে যি প্ৰচেষ্টা হাতত লৈছে তেখেতৰ সাহস আৰু কৰ্মদক্ষতাৰ বাবে সমগ্ৰ জিলাবাসীয়ে ভূয়সী প্ৰশংসা কৰাৰ লগতে প্ৰতিজন সমাজ সচেতন নাগৰিকে কৃতজ্ঞতা প্ৰকাশ কৰিছে।

P&C
You might also like