Your Voice, Our Strength

ভগনীয়া গাঁৱৰ উদীয়মান যুৱ সংঘৰ আদৰণীয় পদক্ষেপ, বয়োজ্যেষ্ঠৰ লগতে সম্পূৰ্ণ গাঁওখনক ভেকচিনেচন কৰাৰ ব্যৱস্থা : একেটা পৰিয়ালৰ তিনিজনককৈ কোভিড পজিটিভ চিনাক্ত

আজিৰ খবৰ,১৭ জুলাই : ৰাজ্যত এতিয়া ক’ভিডৰ ভয়ংকৰ ৰূপ৷ চহৰ-নগৰ, গাঁৱে-ভূঞে সকলোতে মহামাৰী ভাইৰাছৰ সামাজিক সংক্ৰমন । যি সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’ভিডৰ ভেকচিন মজুত আছে বুলি দাবী কৰিছে আৰু ভেকচিন বিচাৰি ১৮ বছৰৰ ঊধবৰ্ৰ আৰু ৪৫ বছৰ বয়সৰ ঊধবৰ্ৰ ব্যক্তিয়ে কেন্দ্ৰই কেন্দ্ৰই  তাঁত-বাতি কাঢ়িবলগীয়া হৈছে৷ তেনে ভয়াবহ সন্ধিক্ষণত পশ্চিম তিতাবৰৰ ভগনীয়া গাঁৱৰ উদীয়মান যুৱ সংঘৰ যুৱক সকলে লৈছে এক প্ৰশংসনীয় পদক্ষেপ । চৰকাৰে ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছে যদিও ভেকচিন নাটনি বা যাতায়তৰ অসুবিধাৰ বাবে গাঁওখনৰ বহু বয়োজ্যেষ্ঠ ব্যক্তি ভেকচিন লোৱাৰ পৰা বঞ্চিত হয় । প্ৰশাসনেও কেন্দ্ৰসমূহত দৈনিক নগন্যসংখ্যকহে ভেকচিন দিয়াৰ ব্যৱস্থা কৰাৰ লগতে কোভিড পৰিস্থিতিতিত যাতায়ত বন্ধ হৈ পৰাত সাধাৰণ লোকসকলেও ভেকচিনৰ পৰা বঞ্চিত হোৱাত বৃহত্তৰ ভগনীয়া গাঁৱৰ উদীয়মান যুৱক সংঘৰ যুৱক সকলে কোভিড ৰোধ কৰাৰ লক্ষ্যৰে  গাঁওখনত ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিছে  । তিতাবৰ মহকুমা স্বাস্থ্য বিভাগৰ তত্বাৱধানত আৰু উদীয়মান যুৱক সংঘৰ উদ্যোগত প্ৰগতি মধ্য ইংৰাজী বিদ্যালয়ত প্ৰায় সংখ্যক বয়োজ্যেষ্ঠক সামৰি ১৬৫ গৰাকী লোকক আজি ভেকচিন প্ৰদান কৰ হয়। ভেকচিন লোৱাৰ পূৰ্বে তিতাবৰ স্বাস্থ্য বিভাগে সকলো লোককে স্বাব টেষ্ট কৰোৱাত গাঁওখনৰ একেটা পৰিয়ালৰ তিনিজন ব্যক্তি  পজিটিভ বুলি চিনাক্ত কৰে । ইতিমধ্যে তিনিওকে তিতাবৰ কোভিড কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে স্বাস্থ্য বিভাগে । উল্লেখ্য যে যোৰহাট জিলাৰ তিতাবৰত দৈনিক বহু লোক ক’ভিডত আক্ৰান্ত হোৱাৰ কেইবাজনো কোভিত মৃত্যু হৈছে । তিতাবৰ বহু ঠাইত দিনক দিনে কোভিড আক্ৰান্ত সংখ্যা বৃদ্ধি হোৱাত এক উদ্ধেগজনক পৰিবেশ সৃষ্টি হৈছে । ইফালে গাঁওখনৰ বহু লোকে প্ৰথম পালি ভেকচিন লোৱা বহু বৃদ্ধ-বৃদ্ধাই দ্বিতীয় পালি গ্ৰহণৰ সময়-সীমা অন্ত পৰাৰ দিন  চমু চাপি অহাৰ পাছতো ভেকচিন লাভ নকৰাত হাবাথুৰি খাবলগীয়া পৰিস্থিতিৰো সৃষ্টি হৈছে৷ অন্যহাতে ভেকচিন কেন্দ্ৰসমূহত প্ৰতিদিনে মানুহৰ ভিৰ আৰু বাক-বিতণ্ডাৰ সৃষ্টি হোৱাৰ সময়তে এক সুশৃংখলাবদ্ধ ভাবে পশ্চিম তিতাবৰৰ ভগনীয়া গাঁৱৰ উদীয়মান যুৱক সংঘই বিশেষকৈ বয়োজ্যেষ্ঠ সকলৰ বাবে কৰা এনে প্ৰচেষ্টাক গাঁৱৰ ৰাইছে শলাগ লৈছে । জিলা প্ৰশাসন আৰু মহকুমা প্রশাসনক ধন্যবাদ জনাইছে যুৱক সংঘৰ কৰ্মী সকলে। উল্লেখ্য যে কৰ’না সংক্ৰমণে তিতাবৰত উদ্বেগৰ সৃষ্টি কৰাৰ সময়তে সৰ্বসাধাৰণ লোকৰ মনত আন এক বিষয়ে সৃষ্টি কৰিছে গভীৰ উদ্বেগৰ৷ ক’ভিডৰ সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত ভেক্‌চিন দিয়াৰ অতিকে প্ৰয়োজন যদিও, এই গুৰুত্বপূৰ্ণ সময়ত তিতাবৰত ভেক্‌চিনৰ নাটনিয়ে এক সমস্যাৰ সৃষ্টি কৰিছে৷ সকলো আঁসোৱাহ আতৰ কৰি জিলা আৰু মহকুমা প্ৰশাসনে প্ৰতিখন গাঁৱৰ ঘৰে ঘৰে যাতে অতিশীঘ্ৰে ভেক্‌চিন প্ৰদান কৰে তাৰ বাবে দাবী জনাইছে৷ সচেতন মহলে ।

You might also like