Your Voice, Our Strength

নাৰী সৰবৰাহৰ সৈতে ওতঃপ্ৰোতভাবে জড়িত হীৰা। হীৰাৰ বাবেই আজি উত্তপ্ত পৰিস্থিতি

আজিৰ খবৰ, নগাঁও, ১৮ জুলাই :- নগাঁও জিলাৰ ৰূপহীৰ লতাবোৱাত উত্তপ্ত পৰিস্থিতি ৷ গুজৰাটলৈ নাৰী সৰবৰাহৰ অভিযোগত কলিৰাম হীৰাক আটক কৰি ৰাইজে গতালে আৰক্ষীক।
🔹 লতাবোৱাত উত্তপ্ত পৰিস্থিতি, স্থানীয় ৰাইজে লপাথপা দি আবদ্ধ কৰি থলে কলিৰাম হীৰা নামৰ এজন কুখ্যাত নাৰী সৰবৰাহকাৰীক।
🔹গাঁও খনৰ এগৰাকী বিবাহিতা মহিলাক বিভিন্ন ধৰণৰ প্ৰলোভন দি অভিভাৱকৰ অজ্ঞাতে বহিঃৰাজ্যৰ যুৱকৰ সৈতে মোটা অংকৰ ধনৰ বিনিময়ত বিয়া দিয়াৰ অভিযোগ কলিৰাম হীৰাৰ বিৰুদ্ধে।
🔹ধৃত কলিৰামে দুই লাখ টকাৰ বিনিময়ত দৰিদ্ৰ মহিলা গৰাকীক গুজৰাটৰ এজন ব্যক্তিলৈ বিয়া দিয়াৰ সন্দেহ পৰিয়ালৰ।
🔹পূৰ্বেও ধৃত কলিৰামে ১২ গৰাকী মহিলাক বহিঃৰাজ্যৰ লোকৰ সৈতে বিয়া কৰাই দিয়াৰ অভিযোগ স্থানীয় একাংশৰ।
কলিৰামে নাৰী সৰবৰাহৰ ছিণ্ডিকেট চলোৱাৰ অভিযোগ।
🔹এখন স্কুটিসহ ধৃত কলিৰামক ৰাইজে গটালে ৰূপহীহাট থানাৰ আৰক্ষীক।
🔹ঘটনাৰ সন্দৰ্ভত আৰক্ষীক উচিত তদন্তৰ আহ্বান ৰাইজৰ।

You might also like