Your Voice, Our Strength

নতুন SOP প্ৰকাশ :যোৰহাট,গোলাঘাট,লখিমপুৰসহ ৫খন জিলাত পুনৰ এক সপ্তাহলৈ সম্পূৰ্ণ কণ্টেইনমেণ্ট জ’ন ঘোষণা ,সবিশেষ জানিবলৈ পঢ়ক….

আজিৰ খবৰ,১৯ জুলাই : কোভিড পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি সোমবাৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰে নতুন কোভিড SOP । ৰাজ্যত আছে ৩৫৬টা কণ্টেইনমেণ্ট জ’ন । গোলাঘাট, যোৰহাট, লখিমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰ জিলাক সম্পূৰ্ণ কণ্টেইনমেণ্ট জিলা হিচাপে পুনৰ ঘোষনা। মৰিগাঁও আৰু গোৱালপাৰাত শিথিল কৰি গেলামাল দোকান ৫ বজালৈ খোলা থাকিব যদিও জিলা দুখনত ২-বজাৰ পৰা সন্ধ্যা আইন বলবৎ হ’ব।
ৰাজ্যৰ অন্যান্য জিলাত পুৱা ৫ বজাৰ পৰা বিয়লি ৪ বজালৈ খোৱা থাকিব। বাকী সময় সন্ধ্যা আইন।  বিমান বন্দৰ আৰু ৰেলৱে ষ্টেচনত পূৰ্বোত্তৰৰ বিভিন্ন ৰাজ্যৰ লোকৰ লগতে অন্য সকলকো কভিড টেষ্ট কৰিব চৰকাৰে। ইফালে ডিব্ৰুগড়, শিৱসাগৰ আৰু নগাঁৱৰ ওপৰত চৰকাৰৰ চোকা নজৰ ৰাখিব।
একসপ্তাহলৈ বন্ধ থাকিব আন্ত:জিলা যাতায়ত ।
বিয়া, মৃতদেহ সৎকাৰত দহ জন লোককহে অনুমতি প্ৰদান। ঈদৰ নামাজ ৰাজহুৱা ভাৱে অনুষ্ঠিত কৰিব নোৱাৰিব।মহজিদত সৰ্বাধিক ৫ গৰাকী লোকেহে নামাজ পঢ়িব পাৰিব।ঘৰে ঘৰে নামাজ পঢ়িবলৈ ইছলাম ধৰ্মাৱলম্বী লোকক আহ্বান মন্ত্ৰী কেশৱ মহন্তৰ। চুলাই ঘাটি আৰু গধূলিৰ আড্ডাৰ পৰা কোৰোণা বিয়পিছে বুলি মন্তব্য কৰে কেশৱ মহন্তই।

P&C
You might also like