
পবিত্ৰ শাওন মাহত এই কাম ভুলটো নকৰিব।
এই মাহত কিছু কৰ্ম কৰিলে শিৱ সন্তষ্ট হব আৰু কিছু কাম কৰিলে ৰুষ্ট হব।
আজিৰ খবৰ,১৯ জুলাই: এই মাহত কিছু কৰ্ম কৰিলে শিৱ সন্তষ্ট হব আৰু কিছু কাম কৰিলে ৰুষ্ট হব। যদি আপুনি শিৱক সন্তুষ্ট কৰিব বিচাৰিছে তেন্তে এই শাওন মাহত শিৱব্ৰত কৰিব পাৰে । শাওন মাহত এই কাম ভুলটো নকৰিব।
১) এই মাহত সাপ কেতিয়াও নিধন নকৰিব।

সাপ হৈছে ভগৱান শিৱ বাবাৰ অৰ্থাৎ মহাদেৱৰ গলৰমণি। শাওন বুলিয়েই নহয়, সাপক কেতিয়াও মাৰিব নালাগে। সাপ মাৰিলে অমংগল নিশ্চিত।
২/এই মাহত আপোনাৰ পুখুৰীত থকা মাছক খাদ্য নিদিয়াকৈ নাথাকিব। কাৰণ এই মাহত মাছক খাদ্য দিয়াটো অতি মংগলজনক।ৎ
৩) এই মাহত মাছ মাংস খোৱাৰ পৰা বিৰত থাকক। এনে কৰিলে মহাদেৱৰ বিশেষ কৃপা লাভ কৰিব।
৪/এই মাহত বেঙেনা ভক্ষণ কৰিব নালাগে।
এনেবোৰ কৰিলে, মহাদেৱ আপোনাৰ ওপৰত ৰুষ্ট হৈ পৰিব আৰু আপোনাৰ জীৱনলৈ অপায় অমংগল আহিব।
৫/এই মাহত আনৰ সৈতে হাই কাজিয়া নকৰিব। এনেবোৰ কৰিলে আপোনাৰ ওপৰত মহাদেৱ ৰুষ্ট হৈ পৰিব আৰু আপোনাৰ জীৱনলৈ অপাই অমংগল আহিব।
শাওন মাহত দেখা সপোন কেনেকৈ উলিয়াই।
এই মাহত যদি পাঁচ ধৰণৰ সপোন দেখা পায়, তেন্তে আপোনাৰ জীৱনলৈ বহুত ভাল দিন আহিব।
যদিহে এই মাহত শিৱলিংগ দেখিছে, তেন্তে জানিব আপুনি বৰ ভাগ্যৱান। কিয়নো মহাদেৱৰ শুভ দৃষ্টি পৰা বাবেহে এয়া সম্ভৱ হৈছে।
আৰু এনে সপোন দেখা লগে লগে, এটি সোমবাৰে শিৱ লিংগক পূজা অৰ্পণ কৰিব।
২/যদি এই মাহত সাপৰ সপোন দেখিছে, তেন্তে ই বৰ মংগলজনক। ইয়াৰ ফলত আপোনাৰ পাৰিবাৰিক সুখ বাঢ়িব আৰু আৰ্থিক নাটনি দূৰ হব।
৩/এই মাহত যদি গংগা নদীৰ পানীৰ সোঁতৰ সপোন বা গংগাৰ ধাৰ দেখিছে, তেন্তে ই ধনী হোৱাৰ সংকেত।
৪/যদিহে ভেকুলী মাতা
সপোন বা পানীত মাছ দৌৰি ফুৰা দেখে, তেন্তে
মানুহ অত্যন্ত ভাগ্যশালী সুচায়।
৫/যদি এই মাহত কোনো পৱিত্ৰ ধৰ্মীয় ঠাইল যোৱা বা কোনো দেৱ দেৱীৰ মূৰ্তি সপোন দেখা পায়, তেতিয়া জানিব আপুনি বিশেষ সফলতাৰ দিশে আগবাঢ়িছে।
পৱিত্ৰ শাওন মাহক বিশেষ গুৰুত্ব থকা বুলি, শিৱ পুৰাণত বিশদ ভাৱে বৰ্ণিত আছে। শাওন মাহ শিৱৰ অতি প্ৰিয় মাহ। ঘৰখনলৈ অমংগল নাহিবলৈ হ’লে এইখিনি কাম কৰক …
১) ঘৰত যদি এলান্দু আৰু মকৰা জাল আছে, সেইবোৰ দূৰ কৰক।
২/যদিহে ঘৰত ভঙা চিঙা আইনা
আছে, দূৰ কৰি দিয়ক।
ভঙা চিঙা আইনা, ঘৰত ৰাখিলে ঘৰলৈ দূৰ্ভাগ্য নামি আহিবলৈ। ই দৰিদ্ৰতাৰ লক্ষণ।
৩/ঘৰত ফটা চিঙা, পেলনীয়া বস্তু
আদি থাকিলে দূৰ কৰক, নহলে, মা লক্ষ্মীৰ লগত সকলো দেৱী দেৱতা ৰুষ্ট হৈ পৰিব।
৪/ ঘৰৰ চাৰিওফালে
থকা আৰ্ৱজনা পৰিষ্কাৰ কৰি ৰাখক, কিয়নো কদৰ্যমই আৰু লেতেৰা পৰিৱেশ দেখিলে আপোনাৰ ঘৰলৈ কেতিয়াও ভগৱান শিৱই প্ৰৱেশ নকৰে। ফলত ঘৰখন দৰিদ্ৰতাৰে ভৰি থাকিব।