Your Voice, Our Strength

নলবাৰীত হ’ব মহিলা আই টি আই । অহা শৈক্ষিক বৰ্ষৰ পৰাই আৰম্ভ হব পাঠ্যক্ৰম: জয়ন্ত মল্ল বৰুৱা

মহিলা সবলীকৰণৰ আৰু সংস্থাপনৰ বাবে নতুন চৰকাৰে গুৰুত্ব দিব।

আজিৰ খবৰ, নলবাৰী, ১৯ জুলাই : নলবাৰী জিলাৰ সৰিয়হতলীত নিৰ্মীয়মান মহিলা আই টি আই কলেজ পৰিদৰ্শন মূখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্তমল্ল বৰুৱাই।বিভাগীয় বিষয়া-কৰ্মচাৰীৰ সৈতে বিধায়কগৰাকীয়ে নলবাৰী আই টি আই কলেজৰ লগত নতুনকৈ সংযোজন ঘটিব লগা মহিলা আই টি আই কলেজৰ নিৰ্মাণকাৰ্য্য পৰিদৰ্শন কৰে।পৰিদৰ্শন কৰি বিধায়ক গৰাকীয়ে অহা শৈক্ষিক বৰ্ষৰ পৰা পাঠ্যক্ৰম আৰম্ভ হ’ব বুলি জনায়।তেওঁ অনুষ্ঠানটোত ত্ৰিশ গৰাকী প্ৰশিক্ষকৰ লগতে প্ৰাৰম্ভিকভাৱে এশ গৰাকী শিক্ষাৰ্থীয়ে পাঠ্যক্ৰম গ্ৰহণৰ সুবিধা লাভ কৰিব বুলিও মন্তব্য কৰে ।

P&C
You might also like