Your Voice, Our Strength

: বহ্নিমান আবেগৰ সিটো পাৰে মোৰ আকাশ : (প্ৰথম খণ্ড)

বহ্নিমান আবেগৰ সিটো পাৰে মোৰ আকাশ

          লেখিকা : ধৃতিস্মিতা দাস 

P&C

স্কুটীখন পাৰ্ক কৰি খৰধৰকৈ স্কুলৰ ভিতৰলৈ সোমাই যাব খোজোতেই গেটখনলৈ এবাৰ চকু গ’ল লীনাৰ।লীনা পৰাশৰ স্কুলখনৰ এগৰাকী নতুন শিক্ষয়িত্ৰী।প্ৰায় দুমাহ হৈছে জইন কৰা।কিন্তু আজি স্কুললৈ আহিয়েই হঠাৎ গেটখনৰ ফালে একেথৰে চাই ৰৈছে কিছুসময়।অস্বস্তি অনুভৱ কৰিলে হঠাৎ লীনাৰ মনটোৱে।লগে লগে এচেম্বলীৰ বেল বাজি উঠা শুনিলে।হঠাৎ উজাই অহা ভাববোৰ তাতেই সামৰি কালৈকো ভ্ৰুক্ষেপ নকৰি খৰধৰকৈ স্কুলৰ ভিতৰলৈ সোমাই গ’ল মিছ পৰাশৰ।

তিনি বজাত স্কুল ছুটীৰ লগে লগে স্কুলখনৰ পৰা ওলাই আহিল যদিও বাটত নদীখন পাওঁতে স্কুটী ব্ৰেক মাৰি খন্তেক সময় ৰৈ চকু ফুৰালে এবাৰ চাৰিওফালে।নৈখনৰ ফালে দৃষ্টি নিক্ষেপ কৰি নিজকে নিজে প্ৰশ্ন কৰিছে,কিহে বাৰু বাধ্য কৰালে আজি এনেদৰে ৰ’বলৈ?

ঘৰলৈ আহিও যেন বাৰে বাৰে মনটোৱে অশ্বস্তি অনুভৱ কৰিছিল।বাৰে বাৰে মানসপটত ভাহি উঠিছিল অচিনাকি এক মুখাৱয়ৱ।

এনেতে ফোনটো বাজি উঠিল।

আৰে,এইয়া চোন অৰুণিমাৰ ফোন।আচৰিত!মাজতে বহুত বছৰ তেওঁলোকৰ কোনো কণ্টেক্ট নাছিল,বোধহয় কৰ্ম ব্যস্থতাৰ বাবেই।পেছাত অৰুণিমা এগৰাকী জাৰ্নালিষ্ট।অসমৰ আগশাৰীৰ নিউজ চেনেল এটাৰ এগৰাকী নিষ্ঠাবান সাংবাদিক।ফোনটো ৰিচিভ কৰি:-

হেল্ল’

-অ হেল্ল,এইটো লীনা পৰাশৰ হয়নে?

হয়,অৰু নহয় জানো?

-চাল্লা,খবৰ এটা নিদিয়াকৈ হঠাৎ নগাওঁ গুচি গ’লি,আকৌ অত’ বছৰৰ মূৰত গুৱাহাটীত জইন কৰিলি।

পৰিস্থিতিৰ কৱলত পৰি বহুতৰ লগত কণ্টেক্ট নোহোৱা হ’ল।সকলো ব্যস্ত হৈ পৰিল নিজৰ নিজৰ জীৱনত।আৰু তয়োটো খবৰ লোৱা নাছিলি!

-নহয় অ’।ফোন চেঞ্জ কৰোতে নম্বৰবোৰ ডিলিট হ’ল।নিয়ৰক লগ পাইছিলো আজি ইণ্টাৰভিউ এটা লবলৈ।তাৰ পৰা হে ল’লো তোৰ নম্বৰটো।

-গুৱাহাটীলৈ ঘূৰি কেতিয়া আহিলি?

হ’ল,মোৰ দেন টু মান্থছ্‌।

-এদিন ল’গ কৰিবিচোন।

আহিবি তেনেহ’লে ৰবিবাৰে আমাৰ ঘৰলৈ এপাক।ৰাস্তা মনত আছে নে?

-উহো,ঘৰলৈ নাযাওঁ।মোৰ অফিচলৈ আহি যাবি শুক্ৰবাৰে এপাক বেয়া নাপাৱ যদি। হ’ব দে।

ৰাতি শুবলৈ গৈ বিচনাখনত পৰাৰ লগে লগে পুণৰ ৰাতিপূৱাৰ ঘটনাটোৱে আমনি কৰিলে মিছ পৰাশৰক।বাৰে বাৰে চেষ্টা কৰিও অস্থিৰতাৰ কাৰণ বিচাৰি উলিয়াব নোৱাৰি কিতাপ এখনকে উলিয়াই লৈ মনটো অন্য ফালে দো’ খোৱাবলৈ চেষ্টা কৰিবলৈ ধৰিলে। (আগলৈ)

You might also like