
আজিৰ খবৰ, ডবকা, ২০ জুলাই : ডবকাত নিশা বন বিভাগৰ অভিযান৷
অভিযানত ডবকা কছাৰীপাৰাৰ নাসিৰ উদ্দিনৰ ঘৰৰ পৰা জব্দ কৰে ১৬ কেজি বগা চন্দন কাঠ।

হোজাইৰ আঞ্চলিক বন সুৰক্ষা বিষয়া শ্বামিম আখতাৰৰ নেতৃত্বত বন বিভাগ আৰু ডবকা আৰক্ষীৰ সহযোগত জব্দ কৰা হয় কাঠখিনি।
কাঠখিনিৰ বজাৰ মুল্য প্ৰায় দুই লাখ টকা হব বুলি সদৰি
কৰিছে বন বিভাগে৷
ঘটনা সংক্ৰান্তত কোনো লোককে আটক কৰিবলৈ সক্ষম নহ’ল যদিও তদন্ত অব্যাহত আছে৷
চন্দন কাঠখিনি বন বিভাগে জব্দ কৰি হোজাই বন কাৰ্যালয়লৈ লৈ যায়৷