Your Voice, Our Strength

নলবাৰীত যন্ত্ৰৰ সহায়ত প্ৰথমবাৰৰ বাবে কঠীয়া ৰোপনৰ শুভাৰম্ভনী জিলা উপায়ুক্তৰ

আজিৰ খবৰ, নলবাৰী, ২০ জুলাই : নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰ আৰু জিলা কৃষি বিভাগৰ উদ্যোগত জিলা খনৰ কৃষক সকলৰ মাজত কৃষি যান্ত্ৰিকীকৰনত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।এনে প্ৰচেষ্টাৰ অংশ হিচাপে  অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰন প্ৰকল্পৰ অধীনত আজি জিলা খনৰ লোখৌপুৰত যন্ত্ৰৰ সহায়ত কঠিয়া ৰোপণ কার্যসূচীৰ শুভাৰম্ভ কৰা হয়।কাৰ্যসূচীৰ শুভাৰম্ভ কৰে নলবাৰী জিলাৰ উপায়ুক্ত গীতিমনি ফুকনে।ভাষণ প্ৰসংগত উপায়ুক্ত গৰাকীয়ে কয় যে বৰ্তমান কৃষি শ্ৰমিকৰ সংখ্যা হ্ৰাস পাই অহাৰ সময়ত কৃষি যান্ত্ৰিকীকৰণৰ বিকল্প নাই।ইয়াৰ ফলত সময় ৰাহি হোৱাৰ লগতে কৃষিৰ খৰছ যথেষ্ট হ্ৰাস পাব।তেওঁ বিভাগ সমূহক কৃষকৰ মাজত ইয়াক জনপ্ৰিয়তা কৰি তোলাত আগভাগ লবলৈ আহ্বান জনায়।অনুষ্ঠানত উদ্যান শস্য মহাবিদ্যালয়ৰ দীন বিশিষ্ট কৃষি বিজ্ঞানী ডঃ মৃদুল ডেকা,নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ডঃ মানসী চক্ৰৱৰ্তী,মহকুমা কৃষি বিষয়া যোগেশ্বৰ ৰাজমেধি,উদ্যান শস্য বিশেষজ্ঞ হোমেশ্বৰ মজুমদাৰ প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল উপস্থিত আছিল।

P&C
You might also like