Your Voice, Our Strength

ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদকপ্ৰাপ্ত খেলুৱৈক দিয়া হ’ব চাকৰি

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বৰ ঘোষণাক আদৰণি

আজিৰ খবৰ, গুৱাহাটী, ২০ জুলাই : বিধানসভাত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এতিয়াৰ পৰা অলিম্পিক স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদকপ্ৰাপ্ত খেলুৱৈসকলক চৰকাৰী চাকৰি দিয়া হ’ব বুলি কৰা ঘোষণাক আদৰণী জনাইেছ অসম অলিম্পিক সন্থাই। তদুপৰি পূৰ্বতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত পদক পোৱা এথলীটসকলক ক্ৰীড়া পেঞ্চন প্ৰদান কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰাৰ বিষয়টোৰো শলাগ লৈছে সন্থাই। উল্লেখ্য, সংহত ক্ৰীড়া নীতি, অসম (২০১৭-১৮, সংশোধিত)ৰ অধীনত অলিম্পিক, এছিয়ান গেমছ আৰু কমনৱেলথ গেমছত পদক লাভ কৰা খেলুৱৈসকলক অসম চৰকাৰৰ চাকৰিত নিযুক্তি দিয়াৰ ব্যৱস্থা আছে। কিন্তু বিধানসভাত সোমবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণাৰ পাছত অলিম্পিকৰ স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় প্ৰতিযোগিতা আৰু ৰাষ্ট্ৰীয় ক্ৰীড়াত পদক লাভ কৰা খেলুৱৈসকলেও ৰাজ্য চৰকাৰৰ চাকৰি লাভ কৰিব। স্মৰ্তব্য, অসম অলিম্পিক সন্থাই বিগত দিনসমূহত খেলুৱৈৰ উন্নয়ন সাধন কৰাৰ বিষয়বোৰ অসম চৰকাৰক অৱগত কৰি আহিছিল। মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী, ক্ৰীড়া মন্ত্ৰী আৰু ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে বিষয়বোৰ গুৰুত্ব সহকাৰে লোৱাৰ বাবে অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰে কৃতজ্ঞতা জ্ঞাপন কৰিছে।

P&C
You might also like