
আজিৰ খবৰ, হোজাই, ২১ জুলাইঃ মোৰাঝাৰ থানাৰ আৰক্ষী বিষয়া এ কে ফুকন আৰু এচ আই শান্তনু ৰয়ে এক গোপন সুত্ৰৰ পম খেদি পীৰবজাৰৰ এখন দোকানৰ পৰা অভিযান চলাই দুয়োকে গাঞ্জা আৰু ব্ৰাউন সুগাৰ সহ আটক কৰে দুয়োজনকে৷
ধৃত লোক দুজন ক্ৰমে ৰাজু উদ্দিন আৰু বাচিত আহমেদ বুলি সদৰি কৰিছে মোৰাঝাৰ আৰক্ষীয়ে৷

ধৃত দুয়োজনৰ পৰা 1 কেজি 500 গ্ৰাম গাঞ্জা আৰু ব্ৰাউন সুগাৰ ভৰ্তি 4 টা কন্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে৷ 4 টা কন্টেইনাৰত 4 গ্ৰাম ব্ৰাউন সুগাৰ থকা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে৷ধৃতদ্বয়ৰ পৰা প্ৰায় এশটা খালী কন্টেইনাৰো জব্দ কৰা হয় ৷
লগতে দুয়োৰে পৰা আৰক্ষীয়ে নগদ 5600 টকা আৰু এটা মোবাইল ফোন জব্দ কৰে৷
সম্প্ৰতি দুয়োকে মোৰাঝাৰ থানাত জেৰা চলাই আছে আৰক্ষীয়ে৷
এই দুয়োজন লোকে দীৰ্ঘদিনৰ পৰা অঞ্চলটোত গাঞ্জা আৰু ব্ৰাউন সুগাৰ সৰবৰাহ কৰি আহিছিল৷ আজি এক গোপন সুত্ৰৰ পম খেদি আৰক্ষীয়ে দুয়োকে আটক কৰিবলৈ সক্ষম হয়৷