Your Voice, Our Strength

কেনেকৈ জন্ম হৈছিল প্ৰথম অসমীয়া অনলাইন সাহিত্য ডট অৰ্গ ?

সাহিত্য ডট অৰ্গৰ গৌৰৱময় যাত্ৰাত ...

অভিজিত দত্ত

মৃদুল কুমাৰ শৰ্মা

 

P&C

প্ৰতিজন ব্যক্তিৰ বাবে অমৃতবৰ্ষী ভাষাটোৱেই হৈছে মাতৃভাষা আৰু ইয়াক ৰক্ষাৰ দায়িত্ব জাতিটোৰ নিজৰ। বিভিন্ন কাৰণত অসমীয়া ভাষা কোৱা-লিখা লোকৰ সংখ্যা হ্ৰাস হৈ অহা বিষয়টো ভাষাটোৰ ভৱিষ্যতৰ হকে সুখকৰ কথা নহয়। বৰ্তমান তথ্য-প্ৰযুক্তিৰ যুগত ভাষা এটাক বিশ্বজুৰি বিয়পাই দিয়াৰ সুবিধা হৈছে আৰু এনে কাৰ্যই ভাষা এটাক সদায়েই জীয়াই ৰখাত সহায় কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ বাবে প্ৰয়োজন ডিজিটেল মাধ্যমত  ভাষাটোৰ সামগ্রী(content)ৰ পৰিমাণ বৃদ্ধি কৰা।

 

এই কথাটো উপলদ্ধি কৰি এমুঠিমান নতুন প্ৰজন্মৰ উৎসাহী তথা ভাষাপ্ৰেমীলোকে এক বৌদ্ধিক আন্দোলনৰ সূচনা কৰিছিল আৰু ইয়াৰ ফলশ্ৰুতিতেই “অসমীয়াত কথা বতৰা” ২০১০ চনৰ ২৭ নৱেম্বৰত ‘অসমীয়াত কথা বতৰা’ নামৰ গোটটোৰ জন্ম হৈছিল। আজি এই গোট এনে এক পৰ্যায়ত উপনীত হ’লহি যে ইয়াৰ বিষয়ে পাঠক/সদস্যসকলক বহলাই কোৱাৰ প্ৰয়োজন নাই। এই গোটত লেখা-মেলা কৰা লোকক উৎসাহ যোগাবলৈ   ২০১১ চনৰ জুলাই মাহৰ পৰা বচা বচা কিছু লেখাক লৈ উলিওৱা হৈছিল সাহিত্য.অৰ্গ (xahitya.org )।

 

সাহিত্য ডট অৰ্গ প্ৰথম অসমীয়া অনলাইন আলোচনী। এইখনেই প্ৰথম ISSN যুক্ত অনলাইন অসমীয়া আলোচনী। পাছলৈ ইয়াক ‘ভাষা সাহিত্য সন্মিলনী, অসম’ নামৰ সংস্থাটোৰ অন্তৰ্ভুক্ত কৰা হয় আৰু সংস্থাটোৰ মাহেকীয়া মুখপত্ৰ হিচাপে গ্ৰহণ কৰা হয়।

সেই সাহিত্য ডট অৰ্গে আজি ইয়াৰ বৰ্ণিল যাত্ৰাৰ দহবছৰীয়া পথ অতিক্ৰম কৰি সগৌৰৱে ইয়াৰ জন্মৰ উদ্দেশ্য সফল কৰি তুলিছে। এই মহান উদ্দেশ্য সফল কৰি তোলাত অৰিহণা যোগোৱা সকলো লেখক, পাঠক আৰু শুভাকাংক্ষীক ইয়াৰ জৰিয়তে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ভাষা-সাহিত্যৰ হকে অৰিহণা যোগাই যাবলৈ আহ্বান জনাইছোঁ।

 

সাহিত্য ডট অৰ্গৰ এই গৌৰৱময় যাত্ৰা অক্ষুণ্ণ থাকক।

জয়তু ভাষা জননী।

ফোন : +918638381801: অভিজিত দত্ত

           +917002307617: মৃদুল কুমাৰ শৰ্মা

You might also like