Your Voice, Our Strength

অৰুণাচলৰ চৌখামৰ পৰা দিল্লীলৈ নিয়া কাথা (খয়েৰ) ৰস ভৰ্তি এখন ট্ৰাক কাকপথাৰত জব্দ ।

আজিৰ খবৰ, কাকপথাৰ, ২২ জুলাই : কাঠ, কয়লা বা চোৰাং তেল নহয়, এইবাৰ কাকপথাৰত জব্দ হৈছে বৃহৎ পৰিমানৰ কাথা (খয়েৰ) ৰস ভৰ্তি এখন Container ট্ৰাক । তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষকৰ তৎপৰতাত চলোৱা এক অভিযানত অসম-অৰুণাচল সিমান্তৱৰ্তী ডিৰাক গেটত এই কাথা (খয়েৰ) ৰস ভৰ্তি Container ট্ৰাকখন জব্দ কৰা হৈছে বুলি জানিব পৰা গৈছে । অৱশ্য, চাৰি দিন পূৰ্বে ডিৰাক গেটত জব্দ কৰা ট্ৰাকখন বুধবাৰে কাকপথাৰ আৰক্ষী থানালৈ লৈ অনা হৈছে । ট্ৰাকখনৰ চালকে জানিবলৈ দিয়া অনুহৰি কাথা (খয়েৰ) ৰস ভৰ্তি Container ট্ৰাকখন অৰুণাচল প্ৰদেশৰ চৌখামৰ পৰা দিল্লীলৈ নি থকা হৈছিল । আৰক্ষীয়ে জব্দ কৰা UP 14 HT 8951 নম্বৰৰ ট্ৰাক খনত ৬৮ টা ডাঙৰ ড্ৰামত প্ৰতিটো ড্ৰামতে ১৮০ লিটাৰকৈ ১২২৪০ লিটাৰ আৰু ২২ টা সৰু ড্ৰামত প্ৰতিটো ড্ৰামতে ৭০ লিটাৰকৈ ১৬৪০ লিটাৰ অৰ্থাত মুঠ ৯০ টা ড্ৰামত সৰ্বমুঠ ১৩৭৮০ লিটাৰ কাথা (খয়েৰ) ৰস জব্দ কৰা হৈছে ।

 

P&C
You might also like