
ড০ ননীগোপাল মহন্তক শিক্ষা উপদেষ্টাৰ আৰু ৰাজেন গোহাঁইক কেবিনেট মৰ্যাদা প্ৰদান
আজিৰ খবৰ,২২জুলাই : বৃহস্পতিবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ননীগোপাল মহন্তক ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টাৰ দায়িত্ব দিয়াৰ লগতে অধ্যাপক মহন্তক ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা প্ৰদানৰ সিদ্ধান্ত লোৱা হয়। ইফালে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইকো নতুন দায়িত্ব অৰ্পণ কৰিছে ৰাজ্য চৰকাৰে। কেবিনেট বৈঠকে নগাঁৱৰ প্ৰাক্তন সাংসদগৰাকীক খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীনত ‘Assam Food and Civil Supplies Corporation’ৰ অধ্যক্ষৰ দায়িত্ব দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ লগতে ৰাজেন গোহাঁইক কেবিনেটৰ মৰ্যাদা প্ৰদান কৰা হৈছে। আজি আয়োজিত কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ শিক্ষা, বন, জলজীৱন মিছন, PM কৃষি নিধিৰ পৰা আৰম্ভ কৰি বহুকেইটা বিভাগৰ ওপৰত কেবাটাও গুৰুত্বপূৰ্ণ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে ।
