
আজিৰ খবৰ, গুৱাহাটী, ২৩জুলাই : এতিয়াৰ পৰা মহানগৰৰ সুৰাপায়ী সকলে সুৰাৰ দোকানৰ সন্মুখত শাৰী পাতিব নালগে । এতিয়াৰে পৰা গুৱাহাটী মহানগৰীত উপলব্ধ হ’ব অনলাইন সুৰা । শীঘ্ৰে গুৱাহাটীত উপলব্ধ হ’ব সুৰাৰ হোম ডেলিভাৰী । ৰাজ্য চৰকাৰৰ কেবিনেটে গুৱাহাটী মহানগৰীত পৰীক্ষামূলকভাৱে এমাহৰ বাবে অনলাইনত সুৰা বিক্রীৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ আবকাৰী কৰ বৃদ্ধি কৰাৰ লক্ষ্য আৰু ক’ভিডসৃষ্ট জটিল পৰিস্থিতিৰ সময়ছোৱাত সুৰা বিপণীত গ্রাহকৰ ভিৰ হ্রাস কৰাৰ বাবে এই সিদ্ধান্ত গ্রহণ কৰিছে কেবিনেটে । ইতিমধ্যে ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰীত অনলাইনযোগে সুৰা বিতৰণৰ নির্দেশনা জাৰি কৰে৷ নির্দেশনা অনুসৰি সুৰা বিপণীৰ স্বত্বাধিকাৰীসকলক অনলাইন সুৰা বিতৰণৰ বাবে পঞ্জীয়ন কৰিবলৈ লাগিব । অর্ডৰ লাভ কৰাৰ ২ ঘণ্টাৰ ভিতৰত ডেলিভাৰী দিব লাগিব গ্ৰাহকক । অর্ডাৰৰ লগে লগে মূল্যও গ্রাহকে পৰিশোধ কৰিব লাগিব৷ পুৱা ১১ বজাৰ পৰা নিশা ১০ বজাৰ ভিতৰত অনলাইন সুৰা বিতৰণ কৰিব পাৰিব৷ উল্লেখ্য যে শিক্ষা প্রতিষ্ঠানৰ হোষ্টেল, চৰকাৰী–বেচৰকাৰী, ৰাজহুৱা প্রতিষ্ঠানত সুৰাৰ ডেলিভাৰী কৰিব নোৱাৰিব৷ শীঘ্রে আবকাৰী বিভাগে সুৰা ডেলিভাৰীৰ বাবে এটা এপ মুকলি কৰিব৷
সুৰা ডেলিভাৰী এজেণ্টে এবাৰত ৯ লিটাৰ কঢ়িয়াব পাৰিব৷ ১ কিলোমিটাৰৰ ভিতৰত ৫০ টকা আৰু ২ কিলোমিটাৰ ভিতৰত ৭৫ ডেলিভাৰী চার্জ ল’ব পাৰিব বুলি নির্দেশনাটোত উল্লেখ আছে৷ শীঘ্রে আবকাৰী বিভাগে সুৰা ডেলিভাৰীৰ বাবে এটা এপ মুকলি কৰিব৷ সুৰাৰ বিপনিয়ে ডেলিভাৰী এজেণ্টৰ তথ্যৰ সবিশেষ জমা দিব লাগিব বিভাগক ।সুৰা ডেলিভাৰী কৰাৰ বাবে ডেলিভাৰী এজেণ্টৰ বয়স ২১ বছৰৰ কম হ’ব নোৱাৰিব সুৰা অৰ্ডাৰ কৰিবৰ বাবে নিৰ্দিষ্ট অনলাইন প’ৰ্টেলত নাম আৰু বয়সৰ প্ৰমাণ দিব লাগিব গ্ৰাহকে।
