
টকিঅ অলিম্পিকৰ প্ৰথম দিনাই ভাৰতৰ মীৰাবাই চানুয়ে আজুৰি আনিলে ৰূপৰ পদক
আজিৰ খবৰ, টকিঅ’, ২৪ জুলাই: ভাৰতৰ হৈ মীৰাবাই চানুৱে লাভ কৰিলে ৪৯ কিলোগ্ৰাম শাখাত ৰূপৰ পদক ।মীৰাবাই চানু ভাৰোত্তোলনত পদক জয় কৰা ভাৰতৰ ইতিহাসৰ দ্বিতীয় গৰাকী মহিলা ৰূপে পৰিগণিত হৈছে। টকিঅ’ অলিম্পিকৰ প্ৰথম দিনাই পদক অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিলে মীৰাবাই চানুৱে। উল্লেখ্য যে ইয়াৰ পূৰ্বে ২০০০ চনৰ লণ্ডন অলিম্পিকত কৰ্ণম মল্লেশ্বৰীয়ে ব্ৰঞ্জৰ পদক জিকিছিল। অলিম্পিকৰ ইতিহাসত এইটো ভাৰতৰ পঞ্চম ৰূপৰ পদক।। চানুৱে সফলতাৰে ৮৪ কিলোগ্ৰাম আৰু ৮৭ কিলোগ্ৰাম উত্তোলন কৰিছিল, কিন্তু ৮৯ কিলোগ্ৰাম উত্তোলন কৰিবলৈ ব্যৰ্থ হৈছিল। আনহাতে চীনৰ ঝিহুৱে ৯৪ কিলোগ্ৰাম উত্তোলন কৰি অলিম্পিকৰ অভিলেখ গঢ়ে। লগতে নতুন অলিম্পিক ৰেকৰ্ড হিচাপে মীৰাবাই চানুৱে ক্লিন এণ্ড জাৰ্কত ১১৫ কিলোগ্ৰামৰ সফল উত্তোলনৰ সৈতে নিজৰ নাম অন্তৰ্ভুক্ত কৰে। মীৰাবাই চানুৰ এই বৃহৎ সফলতাত দেশৰ লগতে মণিপুৰৰ মীৰাবাই চানুৰ গৃহত চুবুৰীয়া আৰু পৰিয়ালৰ মাজত এতিয়া আনন্দ-উল্লাসৰ লহৰ ।
