Your Voice, Our Strength

পুনৰ অসমৰ মাটি দখলৰ চেষ্টা নাগা দুৰ্বৃত্তৰ

আজিৰ খবৰ,২৪,জুলাই: এতিয়াও নাগা দুৰ্বৃত্তই অব্যাহত ৰাখিছে অসমৰ ভূমি আগ্ৰাসনৰ কাৰ্য্য ।আলোচনা যেন কোঠাৰ ভিতৰত সীমাবদ্ধ হৈ থাকিল চৰকাৰৰ কাণত নপৰিল যাৰ ফলস্বৰূপে আজিও এনেধৰণৰ ঘটনা সংগঠিত হৈ আছে । উল্লেখ্য যে অসম আৰু নাগালেণ্ডৰ মাজত কেইটামান দিন পূৰ্বে সীমা সমস্যাৰ সমাধান উদ্দেশ্য এক আলোচনাত মিলিত হয় অসমৰ সীমামুৰীয়া সমষ্টি, মৰিয়নীৰ প্ৰাক্তন বিধায়ক তথা ন বিজেপি ৰূপজ্যোতি কুৰ্মি আৰু নাগালেণ্ডৰ ৰাজ্যিক সভাপতি তথা আলংতাকি সমষ্টিৰ বিধায়ক শিক্ষা মন্ত্ৰী তেমজেং ইমনা আলংৰ । মৰিয়নী লোকনাথ ভৱণৰ এটা কোঠাত হোৱা নিউসোনৱাল খণ্ড বিষয়া নৱজ্যোতি বৰাৰ নেতৃত্বত যোৱা এটা দলে নিৰীক্ষণ কৰিবলৈ গৈ প্ৰত্যক্ষ কৰে নাগা ভাষাত লিখা এখন বৰ্ড য’ত লিখা আছিল এসময়ত আমিও আপোনাৰ দৰে আছিলো আৰু আপোনালোক সোনকালে আমাৰ নিচিনা হৈ পৰিব । এই বৰ্ডখন মৰিশালীত লগাই নাগা দুৰ্বৃত্তই । মৰিশালী গছত আঁৰি থোৱা বৰ্ডখন ইতিমধ্যে নিউসোনৱাল খণ্ড বিষয়াই জব্ধ কৰিছে । আনহাতে দিছৈভেলি সংৰক্ষিত বনাঞ্চলত ইয়াৰ আগতো বহুবাৰ এনেদৰে উচ্ছেদ কৰিছে বুলি জানিব দিয়ে বন বিষয়াগৰাকীয়ে । মই থকা লৈকে অসমৰ মাটিখিনি নাগা দুৰ্বৃত্তই দখল কৰিব নোৱাৰে মোৰ চেষ্টা অব্যাহত থাকিব বুলি বন বিষয়া নৱজ্যোতি বৰাই মন্তব্য কৰিছে ।বিষয়া গৰাকীৰ এনে কাৰ্য্যক প্ৰশংসা কৰিছে দিছৈভেলি সংৰক্ষিত বনাঞ্চলৰ দাতি কাষৰীয়া ৰাইজে ।

P&C
You might also like