Your Voice, Our Strength

ফুলৰ মাজে মাজে নীলাই দৌৰিছে জিঞা এটা ধৰিবলৈ, পখিলাবোৰ চুই চাবলৈ তাৰ পাছত …. নীলাৰ স’তে সূৰ্য্যাস্তৰ সন্ধানত ধাৰাবাহিক পত্ৰোপন্যাসঃ (তৃতীয় খণ্ড)

নীলাৰ স’তে সূৰ্য্যাস্তৰ সন্ধানত
ধাৰাবাহিক পত্ৰোপন্যাসঃ (তৃতীয় খণ্ড)
— অৰুণাভ —-

নীলা,
উপন্যাস পঢ়ি ভাল পোৱা ? পঢ়ি পঢ়ি হেৰাই যোৱানে সূৰ্য্যমুখী ফুলেৰে সজোৱা দ্বীপ এটাত ? এটা অচিনাকি দ্বীপ০০০
০০০০ ফুলৰ মাজে মাজে তুমি দৌৰিছা জিঞা এটা ধৰিবলৈ, পখিলাবোৰ চুই চাবলৈ, ৰ’দত তোমাৰ গাখীৰ বগা মুখখন হালধীয়া হৈ পৰিছে ৷ আৰু লাহে লাহে তুমি সূৰ্য্যমুখী ফুল এপাহৰ বুকুত হালধীয়া, ঈৰ্ষৎ হালধীয়া হৈ বিয়পি পৰিছা, হালিছা জালিছা, আৰু মই প্ৰতিপাহ ফুলৰ সুগন্ধ ঘ্ৰাণ লৈছো তোমাৰ খৰিকাজাঁই খৰিকাজাঁই গোন্ধটো বিচাৰি ৷ সন্ধিয়া নামিছে ৷ হঠাৎ চৰাই কেইটামানে ফুলবোৰৰ হালধীয়াই সামৰিবলৈ লোৱা এন্ধাৰৰ ৰংবোৰ ঠোঁটত লৈ উৰা মাৰিছে৷ খৰিকাজাঁইৰ গোন্ধটো দুপাখিৰে যেন সিঁচি থৈ গৈছে ৷ হালি জালি নাচি থকা ফুলবোৰ মৌন হৈ পৰিবলৈ চেষ্টা কৰিছে ৷ কিয় ? এন্ধাৰৰ ওচৰত অভিমান ?? হালধীয়াই আকাশৰ নীলাবোৰলৈ খুউব হেপাঁহেৰে চাই হাঁহিছিল ৷ হয়তোবা সূৰ্য্যমুখীৰ হাঁহিটো জ্বলি উঠা আকাশত হালি জালি নাচি বাগি সন্ধিয়াৰ এন্ধাৰৰ পৰা আঁতৰি থকাৰ সপোন দেখিছিল ! ঠিক মোৰ দৰেই ৷ সূৰ্য্যমুখী ফুলেৰে সজোৱা দ্বীপটোত পখিলাবোৰ চুবলৈ, জিঞাটো ধৰিবলৈ লৱৰি ধাপৰি ভাগৰুৱা হৈ পৰা তোমাৰ পবালি পবালি আঙুলিৰে মোৰ স্বপ্নবিভোৰ দুচকুত এধানি মৰম সানি লোৱাৰ০০০০ কাজলৰ ঢৌৰ মাজত খেলি খেলি ভাগৰুৱা তোমাৰ তিৰবিৰ দুচকুত মোৰ দুটি ওঠেৰে আঁকোৱালি লোৱাৰ ০০০ সপোন দেখিছিলো তোমাৰ বুকুৰ ঢিপ ঢিপ শব্দবোৰত মোৰ গুণ গুণ কোলাহলবোৰ হেলান দিয়াৰ০০০!!
ঐ০০০০০ তুমি যে নাই, সূৰ্য্যমুখী ফুলবোৰৰ মাৰফৎ তোমাৰ খৰিকাজাই খৰিকাজাঁইগোন্ধবোৰ নাই ০০০ তোমাৰ হালধীয়া চাদৰৰ আচল খহাই কেনি লুকাই মোৰ খৰিকাজাই ? হালধীয়া, ঈৰ্ষৎ হালধীয়াবোৰ হেৰোৱাৰ শোকত দগ্ধ সন্ধিয়াই সান্নিধ্যৰ সন্ধানত ০০০০৷ শুনিছা, উপন্যাসৰ কথা সুধিবলৈ গৈ মইহে যেন হেৰাই গৈছো!
নীলা, উপন্যাসৰ কথা সুধিছিলোঁ?
তোমাৰ প্ৰিয় উপন্যাস? কিমানবাৰ ভ্ৰমণ কৰিছা “ অনুৰাধাৰ দেশ” ? গাৰুৰ তলত অৰুণাভৰ সপোনবোৰ চিঠি এখনৰ দৰে লুকুৱাইছা কেতিয়াবা ? মই যে কিমানবাৰ ভ্ৰমণ কৰিছো “ অনুৰাধাৰ দেশ ” ! এইযে এদিন অনুৰাধাৰ অচিন চহৰত হেৰাই গৈছিলো তোমাৰ আঙুলিৰ আঙুলিত ধৰি! তোমাৰ তৰ্জনী আঙুলিৰ স্পৰ্শই যেন লৈ গৈছিল এটা দ্বীপলৈ ! এটা অচিনাকি দ্বীপ ! নিৰুদিষ্ট হৈছিল কবি ! তুমি সূৰ্য্যমুখী ফুলৰ মাজত হালধীয়া আকাশ এখন হৈ বিলীন হৈ গ’লা , আৰু মই ?
তোমাৰ তিৰবিৰ দুচকুৰ ঠিকনা বিচাৰি অপৰাহ্ণ সময়ৰ সোঁতত বিলীন হৈছিলো ০০০ এদিন, দুদিন ০০ এমাহ, দুমাহ ০০ এবছৰ, দুবছৰ০০০ !
সূৰ্য্যাস্তৰ সন্ধানত নিৰূদিষ্ট কবিৰ অনিশ্চিত যাত্ৰা, তোমাৰ স’তে সূৰ্য্যাস্তক প্ৰশ্ন কৰাৰ, এটা দুটা নহয়, কুৰিটাতকৈয়ো অধিক !
ঐ০০০০০, আৰু কি সুধিছিলোঁ ?কেতিয়াবা বিচাৰিবলৈ মন যায়নে নিজকে প্ৰিয় উপন্যাসৰ পৃষ্ঠাত ? অঘৰী প্ৰেমিকৰ নিৰুদিষ্ট নৈশব্দ যাত্ৰাত হঠাৎ মুখামুখি হৈছা ? আৰু তুমি সুধিছা বিষ্ময়াবিভূত স্বৰ- দৃষ্টিৰে — “ অৰুণাভ তুমি !”
আৰু অৰুণাভে ০০০০ !! তুমি দুচকুৰ চিনাকী চাৱনিৰে অৰুণাভৰ মুখত এৰি থৈ অহা তিল কেইটাৰ সন্ধান কৰিছা !
নীলা০০০ উপন্যাসকে এখন লিখিম দিয়া ৷ মোৰ পঢ়া টেবুলৰ একোণত সামৰি থোৱা “ ৰোমাণ্টিক পয়েট্ৰী”ৰ নোটবুকখনত সাঁচি সামৰি ৰখা তোমাৰ শব্দ – বৰ্ণবোৰৰ পৰাই আঁকিম তোমাৰ আলসুৱা হিয়া ! হিয়াৰ দাপোনত অৰুণাভৰ অগাদেৱা ! আৰু ক’ত যে কিমান নষ্টালজিয়া !
০০০০ তোমাৰ স’তে খোজ লৈছো, দুভৰিৰে নিজান পথত৷ শিলগুটিবোৰ খেলি গৈছো মেছী, ৰোণাল্ডিনহোৰ টেকনিকেৰে০০০ মাৰাকানা ষ্টেডিয়ামৰ গ’ল পোষ্টৰ লক্ষ্য এৰি মেছি তোমাৰ লগে লগে খোজ লৈছে ৰাষ্টাত ০০০ ৰণাল্ডিনহোৱে বিৰিয়া পাতৰ দৰে ৰাষ্টাৰ সোঁ মাজৰ পৰা মাজে মাজে দৃষ্টিনন্দন ড্ৰিবলিঙেৰে ঠেলি দিছে মেছীৰ ভৰিলৈ ০০০ লক্ষ্য তোমাৰ প্ৰেমৰ অভেদ্য দুৰ্গ ০০০ মাৰাকানাৰ ভূভূজেলা আৰু হৰ্ষোল্লাষৰ বিপৰীতে আমাৰ ৰাষ্টাত মৌনতা ০০০ মৌন ওঠ, নিস্তব্ধ হৃদয় ০০০ নিজান নিতাল তোমাৰ অভেদ্য দুৰ্গৰ চৌপাশ ০০০ চাইকেলৰ তিলিঙা, দুচকীয়া বাহনৰ হৰ্ণে মেছী, ৰোণাল্ডিনহোক জিৰণি দিছে০০০ আকৌ আৰম্ভ হাৱাই ছেণ্ডেল শিলগুটিৰ সৌজন্যত মেছী, ৰোণাল্ডিনহোৰ টেকনিকৰ সমলয়০০০ তথাপি দুৰ্গ অভেদ্য হৈ ৰয়০০০ লেফাফাত দুৰ্গৰ পৰা নামি আহে দুঃখবৰ, নিৰুদিষ্ট হৈ যায় কবি ০০০ সূৰ্য্যাস্তৰ সন্ধানত অঘৰী সময়ক সাক্ষী কৰি০০০ !!

P&C
You might also like