Your Voice, Our Strength

নিম্নগামী হৈ পৰিল চাহপাতৰ মূল্য বিপাঙত ক্ষুদ্ৰ চাহ খেতিয়ক

আজিৰ খবৰ,২৫ জুলাই : ৰাজ্যত এতিয়া চাৰিওফালে এক হাহাকাৰ পৰিস্থিতি । মহামাৰী কোভিডৰ প্ৰকোপত কোনো সাৰি যোৱা নাই । এফালৰ পৰা যেন টছনছ কৰি পেলাইছে ৰাজ্য । স্তব্ধ হৈ পৰিছে সাধাৰণ জনজীৱন ৷ বহুলোকে ইতিমধ্যে হেৰুৱাইছে কৰ্মসংস্থাপন ৷ সমান্তৰালকৈ ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মাজতো সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ ৷ চাহ বাগানৰ পৰা উৎপাদিত কেচা পাতসমূহ যি মূল্যত বিক্ৰী কৰিব লাগিছিল তাৰ বিপৰীতে তেনেই সীমিত মূল্যতেই বিক্ৰী কৰিলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ফলত লাভতো দূৰৈৰ কথা বহু লোকচানৰ সন্মুখীন হৈছে চাহ খেতিয়কসকল ৷ চাহ উৎপাদনৰ ক্ষেত্ৰত নামনি অসমতকৈ উজনি অসমৰ এক সুকীয়া নাম আছে । যোৰহাট,গোলাঘাট,ডিব্ৰুগড়,তিনিচুকীয়া,শিৱসাগৰ,শোণিতপূৰ আদিকে ধৰি বিভিন্ন জিলাৰ ভিন্ন প্ৰান্তত আছে সৰু-বৰ বহু চাহ বাগান ৷ বহুলোকে ঘৰৰ তামোল-পানৰ বাৰীতে সৰু সৰুকৈ কৰিছে চাহৰ খেতি ৷ কিন্তু যি আশা কৰি ক্ষুদ্ৰ চাহ বাগান আৰম্ভ কৰিছিল, তাৰ বিপৰীতে নিৰাশ হে হোৱা দেখিবলৈ পোৱা গৈছে ৷কৰ’ণাক প্ৰতিৰোধ কৰিবলৈ চৰকাৰে যি লকডাউন ব্যৱস্থা কৰিবলৈ বাধ্য হল তাৰ সম্পূৰ্ণ প্ৰভাৱ পৰিল ক্ষুদ্ৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ ওপৰত । এই সময়ছোৱা কেঁচা পাতৰ কেঁচা চাহপাতৰ মূল্য একেবাৰে নগণ্য হৈ পৰাত মূৰে কঁপালে হাত দিবলগীয়া হৈছে ক্ষুদ্ৰ চাহ খেতিয়কসকল। উল্লেখ্য যে একমাত্ৰ মালিকপক্ষৰ মৈমতালি আৰু চৰকাৰৰ কোনোধৰণৰ হস্তক্ষেপ নথকাৰ বাবেই ক্ষুদ্ৰ চাহ খেতিয়কসকলে প্ৰকৃত মূল্য লাভ কৰা নাই বুলি অভিযোগ উত্থাপন হৈছে । সম্প্ৰতি প্ৰতিকেজি কেঁচা চাহ পাতৰ মূল্য ২৫-৩০ টকাৰ পৰিবৰ্তে প্ৰতি কেজিত ১০-১২টকাত বিক্ৰী কৰিবলগীয়া হৈছে । শীঘ্ৰে ইয়াৰ এটা ব্যৱস্থা গ্ৰহণ কৰি বলৈ চৰকাৰক দাবী জনাইছে চাহ খেতিিয়ক সকলে।

P&C
You might also like