Your Voice, Our Strength

কেতিয়া সম্পূৰ্ণ হৈ উঠিব দিছপুৰ ছুপাৰ মাৰ্কেট উৰণীয়া সেঁতু ?

থলুৱা ঠিকাদাৰে নিৰ্মাণ কৰা প্ৰথমখন উৰণীয়া সেঁতুত চলিছে অত্যাধুনিক প্ৰযুক্তি ...

আজিৰ খবৰ, গুৱাহাটী, ২৫ জুলাই : উত্তৰ পূৱৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰীত যান-জটৰ সমস্যা লাঘঁৱ কৰাৰ লক্ষ্যৰে কেবাখনো উৰণীয়া সেতুৰ নিৰ্মাণৰ কাম চলি আছে । আনকি বিগত বর্ষৰ ১১ অক্টোবৰত দীনেশ গোস্বামী পথৰ মলিগাঁওৰ পৰা কামাখ্যাগেটলৈ প্ৰায় ৩ কিঃমিঃ দৈৰ্ঘ্যৰ উৰণীয়া সেতু নিৰ্মাণৰ আধাৰশিলা স্থাপনৰে কাম আৰম্ভ কৰা হৈছে । সেঁতুখনৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰিছে অনুপম শৰ্মা নামৰ অভিযান্ত্ৰিকৰ স্নাতক ডিগ্ৰীধাৰী পাঠশালাৰ এজন অসমীয়া উদীয়মান যুৱক এজনে । মালিগাঁওৰ নিৰ্মাণৰত উৰণীয়া সেতুখন নিৰ্মাণ হলে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত সৰ্ববৃহৎ উৰণীয়া সেতু হিচাপে পৰিগণিত হব । আনহাতে ৰাজ্যৰ অতি ব্যস্ত অঞ্চল ৰাজধানী দিছপুৰ অঞ্চলক যানজটৰ সমস্যাৰ পৰা মুক্ত কৰি ৰখাৰ বাবে দুখনকৈ উৰণীয়া সেতু নিৰ্মান কৰা হৈছে ।এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ লোকনিৰ্মান বিভাগৰ দিছপুৰ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা বুলুৰঞ্জন ডেকাই জানিবলৈ দিয়া মতে লোকনিৰ্মাণ বিভাগৰ দায়িত্বত থকা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ থলুৱা ঠিকাদাৰেও যাতে উৰণীয়া সেঁতুকে ধৰি ৰাজ্য চৰকাৰৰ বৃহৎ প্ৰকল্প সমূহ নিৰ্মাণ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । তাৰ অংশহিচাপে দিছপুৰ ছুপাৰ মাৰ্কেটত যুদ্ধ কালীন তৎপৰতাৰে নিৰ্মাণ কৰি থকা উৰণীয়া সেতুখন গুৱাহাটীৰ পাৰ্শ্ববৰ্তী মিৰ্জাৰ অনিল দাস নামৰ এজন থলুৱা ঠিকাদাৰক নিৰ্মাণৰ দায়িত্ব দিয়া হৈছে । ২০১৯ চনৰ ৮ ডিচেম্বৰত আধাৰশিলা স্থাপন কৰা আৰু ১২৭.২০ কৌটি টকা ব্যয়ৰে নিৰ্মাণ কৰি থকা সেঁতুখন নিৰ্মাণ সম্পূৰ্ণ কৰাৰ তিনি বছৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু প্ৰথম বাৰৰ বাবে গুৱাহাটীৰ উৰণীয়া সেতু নিৰ্মাণৰ দায়িত্ব লাভ কৰা থলুৱা ঠিকাদাৰ অনিল দাসে মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি অহা দীপাৱলীৰ সময়ত যাতে নিৰ্মাণকাৰ্য সম্পূৰ্ণ হয় তাৰ বাবে দিনে নিশাই কাম কৰি আছে। কার্যবাঁহী অভিযন্তা গৰাকীয়ে সদৰি কৰা অনুসৰি দুইলেন যুক্ত সেতুখনৰ মুঠ দৈৰ্ঘ্য হব ১,২০৫ মিটাৰ । ইয়াৰে গণেশগুৰিৰ পৰা ছুপাৰ মাৰ্কেট সংযোগী জি এছ ৰোডৰ অংশখিনীৰ দৈৰ্ঘ্য হব ৮২৫ মিটাৰ । তেনেদৰে ছুপাৰ মাৰ্কেটপৰা লাষ্টগেটলৈ অংশটোৰ দৈৰ্ঘ্য হব ৩৯৪ মিটাৰ । আনহাতে অহা দীপাৱলীৰ সময়ত উৰণীয়া সেতুখনৰ নিৰ্মাণ যাতে সম্পূৰ্ণ হয় তাৰবাবে দিনে নিশাই তিনি শতাধিক শ্ৰমিকে কাম কৰি আছে । বৰ্তমান প্ৰায় ৭০ শতাংশৰো অধিক কাম সম্পন্ন হোৱা উৰণীয়া সেঁতুখনৰ নিৰ্ধাৰিত নিৰ্মাণকার্য তিনি বছৰ অৰ্থাৎ ২০২২ চনৰ ডিচেম্বৰ মাহত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল । কিন্তু যদি অহা অক্টোবৰ মাহত নিৰ্মাণকার্য সম্পূৰ্ণ কৰা হয় তেন্তে নিৰ্ধাৰিত সময়তকৈ ১৪ মাহ পূৰ্বে সম্পন্ন হব । এয়া নিশ্চিতভাবে অসমৰ লোকনিৰ্মাণ বিভাগৰ ইতিহাসত এক উল্লেখনীয় ঘটনা হিচাপে পৰিগণিত হব । ইয়াৰ উপৰিও উৰণীয়া সেতুখনৰ নিৰ্মাণকাৰ্যত প্ৰতিটো খণ্ডতে অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি বিভাগৰ মুখ্য অভিযন্তাকে ধৰি বিভাগীয় অভিযন্তা – বিষয়া সকলে নিশাৰ ভাগতো উৰণীয়া সেতুলৈ আহি নিৰ্মাণকার্য তদাৰক কৰি আছে । আনকি ক’ভিডৰ সংক্ৰমণ ৰোধৰ বাবে বিগত বৰ্ষৰ পৰা মাজে সময়ে চলি থকা লকডাউন , সান্ধ্যআইন আদৰি বাবে কাম কৰাত বহুখিনী সহায়ক হৈছে বুলি কাৰ্যবাহী অভিযন্তা গৰাকীয়ে সদৰি কৰিছে ।

 

P&C
You might also like