Your Voice, Our Strength

কভিডৰ গণ সক্ৰমনৰ দিশে তৈল নগৰী ডিগবৈ

ডিগবৈ এক নং গোলাই অঞ্চল কনন্টেইনমেইন জ’ন ঘোষণা মহকুমা প্ৰশাসনৰ৷

আজিৰ খবৰ, ডিগবৈ, ২৬ জুলাই : যোৱা কেইদিন মানত ৰাজ্যৰত কিছু পৰিমানে কৰ’না সংক্ৰমণৰ হাৰ হ্ৰাস পোৱাৰ সময়তে তৈলনগৰী ডিগবৈত কৰ’না সংক্ৰমণৰ হাৰ ক্ৰমাত বৃদ্ধি পাইছে।যোৱাকালি ডিগবৈ চহৰৰ লগতে পাৰ্শ্ব উপকণ্ঠ অঞ্চলতৰ ৩৩ জন লোকৰ দেহত কৰ’না অৱস্হিতি ধৰা পৰে৷৩৩ জন কৰ’না সংক্ৰমণৰ ভিতৰত ২৭ জন লোকেই গোলাই বাসিন্দা ৷ তিনিচুকীয়া জিলা প্ৰশাসনৰ নিৰ্দেশমৰ্মে মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনে গোলাই অঞ্চলত উপস্থিত হৈ কনন্টেইনমেইন জ’ন হিচাপে ঘোষণা কৰাৰ লগতে গোলাই অঞ্চলৰ সমুহ সৰু বৰ ব্যৱসায় প্ৰতিষ্ঠান এক সপ্তাহৰ বাবে বন্ধ ৰাখিবলৈ নিৰ্দেশনা জাৰি কৰে৷জানিব পৰা অনুসৰি গোলাই বাসিন্দা দিলীপ বৰুৱাৰ সহধৰ্মিনী ৰ শ্ৰাৰ্দ্ধ সকাম মাত্ৰ কেইটামান দিনৰ পূৰ্বে অনুষ্ঠিনিকতাৰে অনুষ্ঠিত কৰাত বহু সংখ্যক লোকৰ আগমন ঘটিছিল৷আৰু উক্ত সকাম খন সম্পন্ন হোৱাৰ পাচতেই গোলাই অঞ্চলৰ একাংশ ৰাইজৰ শাৰীৰিক ভাৱে অসুস্থ হোৱাত সকামত উপস্থিত থকা ব্যক্তিসকলক গোলাইৰ সচেতন মহলে স্বাস্থ্য পৰীক্ষা কৰিবলৈ ব্যৱস্থা কৰে। সকামত উপস্থিত থকাৰ বাবেই কৰনাৰ গণ সংক্ৰমন হৈছে বুলি ধাৰনা কৰে সচেতন মহলে।আনহাতে ডিগবৈ অঞ্চলত কিন্তু বৰ্তমানো জনসাধাৰন সজাগ নোহোৱা পৰিলক্ষিত হৈছে।মাক্স পৰিধান নোহোৱা তথা কভিড প্ৰটকল ভংগ কৰা তেনেই সহজে দেখা পোৱা যায় ।

You might also like