Your Voice, Our Strength

বটদ্ৰৱা আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী।

আজিৰ খবৰ, বটদ্ৰৱা, ২৬ জুলাই : সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষীয়েও  ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত ৰাখিছে তীব্ৰতৰ অভিযান।আজি বটদ্ৰৱা আৰক্ষীয়ে এক  গোপন সূত্ৰৰ পম খেদি  নগাঁও-  ধিং সংযোগী গড়কাপ্তানী পথৰ হাইডুবিত এজন ড্ৰাগছ সৰবৰাহকাৰীক হাতেলোটে কৰায়ত্ব কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো নগাঁৱৰ বৰভেটি গাঁৱৰ তাফাজ্জুল হুছেইন বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে, ধৃত ড্ৰাগছ সৰবৰাহকাৰীৰ কবলৰ পৰা পাঁচটা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ,এটা মবাইল হেন্ডছেট,নগদ ২৫০ টকা আৰু  AS-02-ER-2571 নম্বৰৰ এখন ই-ৰিক্সা জব্দ কৰিবলৈ সক্ষম হয়।

 

 

You might also like