আজি কাৰ্গিল বিজয় দিৱস, আজি দিনটো ভাৰতৰ বাবে এটা স্মৰণীয় দিন ।
শত্ৰু ৰাষ্ট্রক পৰাভূত কৰি এই দিনটোতেই কাৰ্গিলত ত্ৰিৰঙ্গা পতাকা উত্তোলন কৰিছিল ভাৰতীয় বীৰ যোদ্ধা সকলে ।
দেশৰ লগতে আজি কাৰ্গিল উৎসৱ অসমতো পালন কৰা হৈছে । দীঘলী পুখুৰীত কাৰ্গিলৰ বীৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়
আজিৰ দিনটো গৌৰৱ আৰু সমন্বয়ৰ দিন। এই দিনটোতেই পাকিস্তানক পৰাস্ত কৰিছিল ভাৰতে । এই দিনটো ভাৰতীয় সেনাৰ গৌৰৱ আৰু সাহসৰ এক প্ৰতীক । ইয়াতে বীৰ শ্বহীদ জিন্টু গগৈৰ পিতৃক লগ পোৱাৰ সৌভাগ্য হল । শ্বহীদ সৈনিক সকলক স্মৰণ কৰি মুখ্যমন্ত্ৰীয়ে ভাৰতীয় সেনাই আৰু ভাল কাম কৰিব বুলি আশা প্ৰকাশ কৰি কয় দেশক সুৰক্ষিত কৰি ভাৰতৰ সাৰ্বভৌমতত্ব আৰু আখণ্ডতা সদায় ৰক্ষা কৰিব ।
উল্লেখ যোগ্য যে শ্বহীদ জিন্টু গগৈৰ ঘৰৰ পথ চোৱা সুন্দৰ ভাবে মেৰামতি কৰা হৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ।কেপ্টেইন জিন্টু গগৈ নামত নামাকৰণ হোৱা পথটো বিগত বৰ্ষত জিন্টু গগৈ মাতৃ অনুৰোধ মমে বর্তমান মুখ্যমন্ত্ৰী য়ে ৭.৫ কোটি ব্যৱৰেঠিক কৰি দিছে ।
কাৰ্গিল দিৱসত শ্বহীদ জিন্টু গগৈৰ পিতৃ উপস্থিত থাকি কয় আজি দিনটো আমাৰ কাৰণে গৌৰৱৰ দিন । যোৱা ২২ বছৰত অসম চৰকাৰে কোনো দিন নিমন্ত্ৰণ কৰা নাছিল। এইবাৰ প্ৰথম বাৰৰ বাবে মুখ্যমন্ত্ৰী নিজে মাতিছে । লগতে তেওঁ কয় মোৰ ঘৰত কাৰ্গিল বিজয় দিৱস পাতা হৈছে। ইয়াত মুখ্যমন্ত্ৰী মাতা কাৰণে আমি আহিলোঁ ।জিন্টু গগৈ আমাৰ মাজত শাৰীৰিক ভাবে নাই যদি জিন্টু আমাৰ মাজত সদায় জীয়াই আছে ।