Your Voice, Our Strength

বৈভৱ নিম্বালকাৰ গুৰুত্বৰ ভাবে আহত । হাড়ৰ মাজৰ পৰা উলিয়াব পৰা নাই গুলী

লাইট মেচিনগানেৰে আক্ৰমণ কৰিছিল মিজো আৰক্ষীয়ে

আজিৰ খবৰ, কাছাৰ, ২৭ জুলাইঃ বহুত দিন ধৰি চলি থকা অসম-মিজোৰাম সীমান্তত চলি থকা উত্তেজনাই সোমবাৰে এক ভয়ংকৰ হিংসাত্মক ৰূপ লয়। মিজো দুৰ্বৃত্ত আৰু মিজো আৰক্ষীয়ে এক হৈ মিজোৰামৰ দিশৰ পৰা পৰা ধাৰাসাৰ গুলিবৰ্ষণ কৰাত গুলীচালনাত অসম পুলিচৰ ছয় জনকৈ জোৱান আৰু এজন সাধাৰণ নাগৰিকৰ লগতে গুৰুতৰ ভাৱে আহত হৈছে প্ৰায় ৭০ জনকৈ। লোক । নিৰ্বিচাৰ গুলি চালনাত আৰক্ষী অধীক্ষকৰ লগতে কেইবাজনো জোৱান গুৰৰত্বৰ ভাৱে আহত হৈ শিলচৰ চিকিস্যালয়ত চিকিস্যাধীন হৈ আছে । কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক বৈভৱ নিম্বালকাৰৰ শৰীৰত ৫তাকৈ গুলি লাগিছে বুলি জানিব পৰা গৈছে । গুলি ভৰিৰ হাড়ৰ ভিতৰত সোমাই যোৱাত এই পৰ্যন্ত চিকিস্যকে গুল উলিয়াব পৰা নাই । জানিব পৰা মতে আৰক্ষী অধীক্ষকক উন্নত চিকিস্যাৰ বাবে গুৱাহাটী চিকিস্যা মহাবিদ্যালৈয়লৈ প্ৰেৰণ কৰিব । ইফালে আজি পুৱাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শিলচৰ মেডিকেলত উপস্থিত হৈ আৰক্ষী অধীক্ষকৰ লগতে ঘটনাত আঘাতপ্ৰাপ্ত সকলো জোৱান আৰু আহত হোৱা সাধাৰণ নাগৰিকৰ স্বাস্থ্যৰ বুজ লয় ।

P&C

উল্লেখ্য যে। অসম আৰক্ষীৰ ওপৰত লাইট মেচিনগানেৰে আক্ৰমণ কৰিছিল মিজো আৰক্ষীয়ে। গুলীচালনাৰ দৃশ্য ইমানে ভয়াবহ আছিল যে অসম–মিজোৰামৰ  আন্তঃৰাজ্যিক সীমান্তৰ ছবিখন আন্তঃৰাষ্ট্ৰীয় সীমালৈ পৰিৱৰ্তিত হৈছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে মিজো আৰক্ষীয়ে লাইট মেচিনগান ব্যৱহাৰ কৰাৰ স্পষ্ট প্ৰমাণ পোৱা হৈছে।

You might also like