Your Voice, Our Strength

মিজো আৰক্ষীসহ দুৰ্বৃত্তৰ গুলিত শ্বহীদ হোৱা জোৱানৰ পৰিয়ালৰ এজন সদস্যক চৰকাৰী চাকৰিৰ ঘোষণা

পৰিয়াললৈ ৫০ লাখ টকা সাহায্য মুখ্যমন্ত্ৰীৰ

আজিৰ খবৰ, কাছাৰ, ২৭ জুলাই : সোমবাৰে সংঘটিত হোৱা মিজোৰাম অসম সীমান্তত ভয়ংকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ পাছতে ঘটনাটোক লৈ বিভিন্ন জনে প্রকাশ কৰিছে প্ৰতিক্ৰিয়া । অগ্নিগর্ভ পৰিস্থিতি সন্দর্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মিজোৰামৰ মুখ্যমন্ত্রী জোৰামথাংগাৰ সৈতে ৬বাৰকৈ টেলিফোনযোগে বার্তালাপ কৰাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সংবাদ মেলত ডঃ শৰ্মাই কয় অসমে শান্তি বিচাৰে, সীমা নিৰ্ধাৰণ হ’ব লাগে। স্থায়ী সমাধানৰ বাবে কেন্দ্ৰই ল’ব দায়িত্ব। নিজৰ দেশৰ মানুহৰ মৃত্যু হ’লে নিজৰ দেশতে ফূৰ্তি কৰাটো অতি দুখজনক ঘটনা। এই ঘটনাই অসমৰ মানুহক দুখিত কৰিছে,, ক্ষোভিত কৰিছে। কিন্তু এটা কথা স্পষ্ট যে অসমে যিকোনো মূল্যৰ বিনিময়ত নিজৰ ৰাজ্যৰ সীমা সুৰক্ষিত কৰিব।” দুৰ্ভাগ্যজনক ভাৱে সংঘটিত হোৱা নিৰ্বিচাৰ মিজো আৰক্ষীৰ গুলি চালনাত অসম আৰক্ষীৰ যি ৫ গৰাকী জোৱানৰ মৃত্যু হ’ল তেওঁলোকৰ পৰিয়ালৰ এজন এজন। সদস্যক একোটাকৈ চৰকাৰী চাকৰী প্ৰদান কৰাৰ কথাও ঘোষণা কৰাৰ লগতে প্ৰত্যেকৰে পৰিয়াললৈ ৫০ লাখকৈ টকাৰ এককালীন আৰ্থিক সাহায্য ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

P&C
You might also like