
বহ্নিমান আবেগৰ সিটো পাৰে মোৰ আকাশ (দ্বিতীয় খণ্ড)
বহ্নিমান আবেগৰ সিটো পাৰে মোৰ আকাশ
লেখিকা : ধৃতিস্মিতা দাস

মাজনী টিফিন টো ল’লি নে?
: উম লৈছো মা।
দৌৰা-দৌৰিকৈ ভাত দুগৰাহমান নাকে-কাণে গুজি মিছ পৰাশৰ স্কুল অভিমুখে গতি কৰিলে।
ঠিক একেটা সময় আৰু একেই পৰিস্থিতিত আজিও সেই চিনাকি যেন লগা অচিনাকি মুখখনে লীনাৰ সন্মুখত আগভেটা দিলেহি।কিন্তু আজি সন্মুখৰ মুখখনেও লীনাৰ ফালে সেই একেটা বিস্ময়কৰ চাৱনীৰেই চাইছে।লীনাৰ সেইদিনাহে চকু গ’ল মানুহজনৰ সৈতে থকা কনমানীজনীলৈ।ক্ৰমাৎ চিনাকি মুখখন লীনাৰ ফালে আগুৱাই আহি থকাত কিছু অস্বস্তি অনুভৱ কৰি স্কুলৰ ভিতৰলৈ সোমাই যাব খোজোতেই এটা অচিনাকি তথা খুবেই চিনাকি মাতে কাণৰ পৰ্দা কঁপাই গ’ল মিছ পৰাশৰৰ।
: তুমি এইখন স্কুলত টিচ্ছিং কৰা নেকি?
মনৰ ভিতৰতেই মিছ পৰাশৰে ভাবিবলৈ বাধ্য হ’ল,যে কেনেকৈ ইমান সহজভাবে মাত লগাব পাৰিলে মানুহজনে!অস্বস্তিবোধ নকৰিলে নে তেওঁ এবাৰো মোৰ সন্মুখত এনেদৰে থিয় দিবলৈ,মোক প্ৰশ্ন কৰিবলৈ!কিছুসময় নিশ্চুপ থাকি উত্তৰ দিলে,-
: উম,নতুনকৈ জইন কৰিছো।প্ৰেয়াৰৰ সময় হৈছে,যাওঁ।
: ৰ’বা লীনা,বেয়া নোপোৱা যদি তোমাৰ নম্বৰটো দি যোৱাচোন!ইফ্ পচিব’ল।
: নম্বৰ সলনি হোৱা নাই। বুলি কৈ লগে লগে তেওঁৰ কাষত থকা কণমানীজনিক লেট্ছ গো টু দি প্ৰেয়াৰ হ’ল বুলি হাতখন আগুৱাই দিলে।কণমানীজনিয়েও অ’কে মিছ বুলি কৈ লীনাৰ হাতত ধৰি স্কুলৰ ভিতৰলৈ সোমাই গ’ল।
লীনাই একো টলকিব পৰা নাছিল সেইখিনি সময়ত তেওঁ কি কৰাতো উচিত আছিল অথবা কি কোৱাটো উচিত আছিল।মাত্ৰ নিজকে নিজে আশ্বাস দিছিল এগৰাকী শিক্ষয়িত্ৰীৰ দায়িত্বহে পালন কৰিলে বুলি।
সন্ধিয়া চাহৰ কাপটো লৈ বাৰাণ্ডাতে বহি কিতাপ এখন তুলি ল’লে যদিও বাৰে বাৰে মনত টুকুৰিয়াই গ’ল ৰাতিপুৱাৰ ঘটনাটোৱে।
ঠিক সেই সময়তে ফোনটো বাজি উঠিল।
(আগলৈ)