Your Voice, Our Strength

আলোচনাৰ মাধ্যমৰে অসম – মেঘালয়ৰ সীমা সমস্যা সমাধান হব : মেঘালয়ৰ ৰাজ্যপাল সত্যপাল মালিক

মুখ্যমন্ত্ৰীক ডায়নেমিক আখ্যা

আজিৰ খবৰ , গুৱাহাটী, ২৯ জুলাই : মিজোৰামৰ সৈতে অসমৰ সীমা সমস্যাৰ কেনে ধৰণৰ জটিলতা আছে সেই বিষয়ে মই জ্ঞাত নহয় । কিন্ত অসম- মেঘালয়ৰ সীমা সমস্যাৰ বিষয়ত তেনে ধৰণৰ জটিলতা নাই বুলি । বৰঞ্চ দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মাজত হবলগীয়া আলোচনাত অতি সৌহাৰ্মূলক পৰিবেশত সীমা সমস্যাটো ইতিবাচক দিশৰে সমাধান হব । এই মন্তব্য মেঘালয়ৰ ৰাজ্যপাল সত্যপাল মালিকৰ । ২৮ ,জুলাইত গুৱাহাটীৰ পৰা শ্বিলঙলৈ যোৱা এটা সাংবাদিকৰে সৈতে মেঘালয়ৰ ৰাজভৱনত অনুষ্ঠিত সাক্ষাৎ কালত এই মন্তব্য কৰে মেঘালয়ৰ ৰাজ্যপাল সত্যপাল মালিকৰ । ৰাজ্যপাল মালিকে কয় অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা অতি দুৰদর্শী আৰু ইতিবাচক চিন্তাধাৰাৰ ব্যক্তি । দুদিনমান পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ শ্বিলঙলৈ আহোতে ৰাজভৱনত অনুষ্ঠিত নৈশভোজত সীমা সমস্যা সমাধানৰ পথ মুকলি কৰাৰ বাবে ডঃ শৰ্মাই দীৰ্ঘদিনীয়া সমস্যাটো দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মাজত আলোচনাৰ মাধ্যমেৰে ইতিবাচক দিশত সমাধান হব বুলি আশা প্ৰকাশ কৰিছে । এই সন্দৰ্ভত তেওঁৰ সৈতেও ডঃ শৰ্মাই কথা পাতিছে । ডঃ শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা দুয়োজনেই ডায়নেমিক ব্যক্তি বাবে সীমা সমস্যাটো জটিলতা নোহোৱাকৈ হব বুলি কামনা কৰিছো। ইফালে ক’ভিডকেন্দ্ৰিক পৰিস্থিতিৰ বাবে মেঘালয়লৈ বাহিৰৰ পৰা কোনো পৰ্যটক আহিব নোৱাৰা বাবে ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ পৰ্যটন উদ্যোগটো বিধ্বস্ত হৈ পৰিছে । অৱশ্যে সমগ্ৰ দেশত তথা বিশ্বতে ক’ভিডৰ বাবে পৰ্যটন খণ্ডত নেতিবাচক প্ৰভাৱ পৰিছে । মেঘালয়ৰ পৰ্যটন খণ্ডটো তাৰ নেতিবাচক প্ৰভাৱ পৰিছে । অৱশ্যে মেঘালয়ৰ ক’ভিডকেন্দ্ৰিক পৰিস্থিতি উন্নত হলে কিছু নীতি নিয়মৰ মাজেৰে বাহিৰৰ পৰা পৰ্যটক আহিবলৈ অনুমতি দিলে লাহে লাহে পৰ্যটন উদ্যোগটো ঠন ধৰি উঠিব । কিয়নো দীৰ্ঘদিনলৈ ই অব্যাহত থাকিলে ৰাজ্যৰ অৰ্থনীতিটো বিৰূপ প্ৰভাৱ পৰিব । আনহাতে শ্বিলং সংযোগী ৰেলপথ নিৰ্মাণ সন্দৰ্ভত ৰাজ্যপাল মালিকে কয় মুখ্যমন্ত্ৰী কনৰাড চাংমাই ইতিমধ্যে অসমৰ পৰা বৰ্ণিহাটলৈ ৰেলপথ নিৰ্মাণ হব বুলি কিছুদিন আগতে তেওঁক সদৰি কৰিছে । আগন্তক দিনত ৰেলৰে শ্বিলং সংযোগ হোৱাৰ ক্ষেত্ৰত থকা জটিলতা দূৰ হব বুলি মই আশাবাদী । ৰেলৰে শ্বিলং সংযোগ হলে নিত্যব্যৱহাৰ্য সা সামগ্ৰীৰ যোগান নিৰন্তৰ অব্যাহত থাকিব আৰু ৰাইজ উপকৃত হব বুলি সত্যপাল মালিকে ব্যক্ত কৰে ।

P&C
You might also like