Your Voice, Our Strength

লণ্ডন পালেগৈ ভোটজলকীয়া: উত্তৰপূবৰ ভোট-জলকীয়াই দখল কৰিলে আন্তৰাষ্ট্ৰীয় বজাৰ

আজিৰ খৱৰ, গুৱাহাটী, ২৯ জুলাই : ভোটজলকীয়া যি খায় তেওঁহে জানে ভোটজলকীয়া খোৱাৰ মাদকতা কিমান । কেৱল ভোটজলকীয়া কেৱল জ্বলায়ে নহয় আন জলকীয়াত ন’থকা আছে এক সুগন্ধি তীব্ৰতা । শ শ বছৰ আগৰেপৰাই ভোট-জলকীয়া অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লোকৰ মাজত সকলোতকৈ জলা জলকীয়া হিচাপে জনপ্ৰিয় ৷ প্ৰথমবাৰৰ বাবে এই ভোটজলকীয়াক বিমানেৰে লণ্ডনলৈ ৰপ্তানি কৰা হ’ল উত্তৰ-পূবৰ ভোট জলকীয়া।নাগালেণ্ডৰ পৰা গুৱাহাটী হৈ বিমানযোগে লণ্ডনলৈ ৰপ্তানি কৰা হ’ল ভোট জলকীয়া।পি আই বি ইণ্ডিয়াই এক টুইটযোগে এই কথা জানিবলৈ দিছে। ইফালে উত্তৰ-পূবৰ ভোট জলকীয়াৰ ৰপ্তানি সন্দৰ্ভত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট কৰি কয় যে,”এয়া এক শুভ সংবাদ, আচলতে ভোট জলকীয়া খোৱা জনেহে জানে ই কিমান তীক্ষ্ণ ! অসমত অঞ্চলভেদে ভোট-জলকীয়াক বিভিন্ন নামেৰে জনা যায় । যেনে – বিহ-জলকীয়া, নগা-জলকীয়া, নগা-মৰিচ, ৰাজা-মৰিচ ইত্যাদি ৷ প্ৰতিটো নামেই অত্যধিক জলাৰ ইংগিত দিয়ে ৷ ২০০৭ চনৰ ফেব্ৰুৱাৰি মাহতেই বিশ্বৰ সকলোতকৈ জলা জলকীয়া হিচাপে “গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ”ত স্থান লাভ কৰিছিল ভোট-জলকীয়াই । পুনৰ এই জলকীয়া অসম তথা উত্তৰপূবৰ পৰা লণ্ডনলৈ ৰপ্তানি হৈ

উত্তৰ পূৱৰ বিৰাজমান জৈৱ বৈচিত্ৰ্যৰ ছবিখন বহিজগতৰ সমুখত পুনৰ দাঙি ধৰিলে । ভোট-জলকীয়াৰ বিষয়ে বিখ্যাত “Time” আলোচনীতো বিশ্বৰ সবাতোকৈ জলা জলকীয়াৰূপে আলোচনা প্ৰকাশ হৈছে ৷ “Time” আলোচনীখনত ভোট-জলকীয়াৰ গুণাগুণ, ব্যৱহাৰ আৰু ভাৰতবৰ্ষৰ উত্তৰ-পূবৰ ৰাজ্যসমূহত ইয়াৰ জনপ্ৰিয়তাৰ বিশদ বিৱৰণ প্ৰকাশ পাইছে । পকা ভোট-জলকীয়াত অতিমাত্ৰা কেপছেইছিন থকাৰ বাবে ইয়াক স্পৰ্শ কৰিলেই হাত ভমভমাই উঠে । নিউ মেক্সিকোত HPLC পদ্ধতিৰদ্বাৰা ভোট-জলকীয়াৰ জলা ১,০০১,৩০৪ SHU বুলি নিৰ্ণীত হোৱাৰ পাছতেই ১৯৯৪ চনৰ পৰা গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত খোপনি পোতা কেলিফ’ৰ্নিয়াৰ ৰেড ছাভিনাৰ (৫৭৭,০০০SHU) স্থান ভোট-জলকীয়াই দখল কৰিলে ৷ ড° বছলেণ্ডে ভোট-জলকীয়াক অসমৰ থলুৱা জাত বুলিয়েই সদৰি কৰিছে ৷ আন্ত:ৰাষ্ট্ৰীয় বীজৰ বজাৰত এতিয়া একো একোটা ভোট-জলকীয়া বীজৰ মূল্য যথেষ্ঠ সন্তোষজনক ।

P&C

You might also like