
মৰিয়নীত উপ-নিৰ্বাচনী ৰণডংকা বজালে বিত্তমন্ত্ৰী অজন্তা নেওগে
আজিৰ খবৰ,৩০ জুলাই : উপ-নিৰ্বাচনৰ পূৰ্বে মৰিয়নিত নিৰ্বাচনী ৰণডংকা বজালে বিত্তমন্ত্ৰী অজন্তা নেওগে । উপ-নিৰ্বাচনলৈ বৰ্তমানেও সময় আছে যদিও ৰাজনৈতিক দলসমূহৰ মাজত এতিয়াৰে পৰা আৰম্ভ হৈছে নিৰ্বাচনী তৎপৰতা । পিছ পৰি থকা নাই শাসনাধিষ্ঠ দল বিজেপি দল । শুকুৰবাৰে যোৰহাট জিলাৰ মৰিয়নীত উপস্থিতত হৈ উপনিৰ্বাচনৰ ৰণকৌশ তৈয়াৰ কৰাত নামি পৰিল মন্ত্ৰী অজন্তা নেওগ । বিত্তমন্ত্ৰী অজন্তা নেওগ মৰিয়নিত উপস্থিত হৈ চৰকাৰী কাৰ্যসূচীৰ লগতে কেইবাটাও দলীয় কাৰ্যসূচীত ভাগ লয় ৷ পবিগত কেইবাবছৰ পূৰ্বে আধাৰশিলা স্থাপন কৰা লোক নিৰ্মাণ বিভাগ, টীয়ক আৰু মৰিয়নী ক্ষেত্ৰীয় পথ সংমণ্ডলৰ অধীনত এনুৱেল প্লেন আঁচনিৰ দ্বাৰা নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা পৰিদৰ্শন ভৱন মুকলি কৰে মন্ত্ৰী অজন্তা নেওগে । উল্লেখ্য যে মৰিয়নীৰ প্ৰাক্তন কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছ দলৰ লগতে মৰিয়নিৰ বিধায়ক পদত্যাগ কৰাৰ পাচত মৰিয়নী সমষ্টিত উপ-নিৰ্বাচন অৱশ্যম্ভাৱী হৈ পৰিছে । মৰিয়নি সমষ্টিটোৰ সাংগঠানিক ভেটি অধিক শক্তিশালী কৰিবলৈ নামি পৰিছে দলীয় নেতৃত্ব । উপনিৰ্বাচনৰ আগমুহূৰ্তত এতিয়া ইজনৰ পাচত সিজন মন্ত্ৰীৰ আগমন ঘটিছে মৰিয়নীলৈ ।