Your Voice, Our Strength

অভিলেখ গঢ়িলে এইবাৰ ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে : উত্তীৰ্ণৰ হাৰ ৯৩.১০ শতাংশ

“আজিৰ খবৰ,৩০ জুলাই : অৱশেষত পৰীক্ষাত ন’বহাকৈ এইবাৰ ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ ফলাফল কেইবাটাও ৱেবচাইটত লাভ কৰাৰ লগতে উক্ত ৱেবচাইট কেইটাৰ পৰা মাৰ্কশ্বিট ডাউনলোড কৰি ল’ব পাৰিব। মুঠ ১৪ টা ৱেবচাইটত উপলব্ধ হৈছে এইবাৰৰ ফলাফল ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ মুঠ ৪,২৬,৫৫৩ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল ইয়াৰে ৩,৯৭,১৩২ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে ৷ উত্তীৰ্ণৰ হাৰ ৯৩.১০ শতাংশ ৷
ইয়াৰে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৮৮,৫২১ গৰাকী , দ্বিতীয় বিভাগত ১,৬০,২৯৮ গৰাকী আৰ, তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে মুঠ ১,৪৮,৩১৩গৰাকী ছাত্ৰ-ছাত্ৰী ৷ আনহাতে ২০,০৯২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ষ্টাৰ নম্বৰ লাভ কৰাৰ বিপৰীতে ১০,৩৪৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ডিষ্টংছন লাভ কৰিছে ৷ উল্লেখ্য যে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰে অভিলেখ গঢ়িছে ৷ সমগ্ৰ ৰাজ্যৰ ভিতৰত বিশ্বনাথ জিলাত সৰ্বাধিক ৯৯.৪০শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে ৷ ইয়াৰ বিপৰীতে ৮৩.৪৯ শতাংশ ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰৰ সৈতে হোজাই জিলাই সৰ্বনিম্ন স্থান দখল কৰিছে ৷
উল্লেখ্য যে বহু শিক্ষাবিদৰ সৈতে চৰকাৰ তথা ছেবাৰ কৰ্তৃপক্ষই আলোচনা কৰি অৱশেষত পৰীক্ষা অনুষ্ঠিত নোহোৱাকৈ বিকল্প মূল্যাংকনৰ পদ্ধতিৰে এইবাৰৰ ফলাফল সমূহ ঘোষণা কৰা হৈছে যদিও বহু ছাত্ৰী ছাত্ৰী ফলফলক লৈ সন্তোষ নোহোৱা বুলিও জানিব পৰা গৈছে । এই ক্ষেত্ৰত যদি প্ৰাপ্ত নম্বৰৰ ক্ষেত্ৰত কোনো শিক্ষাৰ্থীৰ সন্দেহ থাকে তেন্তে পৰৱৰ্তী সময়ত “ছেবা”ই অনুষ্ঠিত কৰিব লগীয়া বিশেষ পৰীক্ষাত সুকীয়াকৈ অৱতীৰ্ণ হ’ব পাৰিব বুলি
ছেবা কৰ্তৃপক্ষই ৰাজহুৱা কৰিছে ৷

P&C
You might also like