Your Voice, Our Strength

উপচি পৰা মোৰ ভাল পোৱাৰে যদি তোমাৰ হিয়া জুৰ নপৰে ০০তেতিয়া….????

ধাৰাবাহিক পত্ৰোপন্যাসঃ৪
“ নীলাৰ স’তে সূৰ্যাস্তৰ সন্ধানত০০০০”
—- অৰুণাভ
— চতুৰ্থ খণ্ড ——

নীলা,
কথোপকথনেৰে সময়বোৰ যে গুঠিছিলো আমি! সুগন্ধি সময়! সলাজ সময় ! সম্ভাৱনাৰ সময় ! সময়ৰ সংজ্ঞাৰে সন্ধিয়াবোৰ সজাবলৈ সংগোপনে গৈছিলোঁ তোমাৰ পদুলিলৈ ! নদীৰ পানীৰ দৰে পাৰ হৈ গৈছিল সময়বোৰ ৷ কেতিয়াবা শান্ত, কেতিয়াবা অশান্ত ০০০ কেতিয়াবা ফেনে ফোটোকাৰে অভিমানী , কেতিয়াবা আকাশৰ নীলাবোৰ বুকুত বান্ধি ০০০ নদীৰ ঘাটৰ ঠিকনাবোৰ হেৰাইছিল , পানীবোৰে ঠিকনা বিচাৰি পথ- পথাৰ একাকাৰ কৰিছিল ০০০ তুমি,মই চিনাকী পদুলিৰ দুৱৰিত খোজবোৰ এৰি বাৰাণ্ডাৰ আৰামী বেঞ্চখনক জোনাকী সন্ধিয়াবোৰৰ ৰখীয়া কৰি কেনিবাটি হেৰাই গৈছিলো ০০০ ৷ সন্ধিয়াৰ সেই সুগন্ধি – সলাজ – সম্ভাৱনাময় সময়বোৰ কথোপকথনেৰে গুঠিবগুঠিবলৈ পাহৰিলো ৷ হাতীপটি এটাত হাতে হাত ধৰি হেৰাই যোৱা সন্ধিয়াবোৰৰ কুৰিটাকৈ বছৰে মাথো শাৰী পাতিছো ক্ষুধাৰ পৃথিৱী এৰি, আতুৰ সময় খেদি প্ৰাপ্তিৰ পৃথিৱীৰ পাৰপত্ৰ বিছাৰি ০০০ ৰিবৰিব বতাহ , জোনাকী আকাশ, পোছাকী মৌনতা হেৰাল ০০০৷ ফোন, ফেক্স, কলম, কাগজ ০০০ আৰু লাহে লাহে মেইলত ব্যস্ততাৰে গোঠা সাংবাদিকৰ সময়বোৰ বিছাৰি আব্দাৰ ০০০

P&C

নীলা, তুমি যে এদিন আকাশৰ কথাৰে আধৰুৱাকৈ এৰি গৈছিলা আমাৰ কথোপকথনৰ কবিতাটো ? ০০ আকাশলৈ আমি চাই আছো একেলগে, আহিনৰ আকাশ ০০ ! কথোপকথনত সাৰ পালো হঠাৎ ০০ তুমিও সাৰে আছা ? আকাশলৈ চোৱাছোন এবাৰ, সৌখন আমাৰ আকাশ ? কথোপকথনৰ আধৰুৱা কবিতটোক কোন পিন্ধাইছে আমৃত্যু আলিংগনৰ বিশ্বাস ০০ !
নীলা, তুমি – মই – আমি কথোপকথনৰ একোটা কথকতা? আৰু আমাৰ আকাশত আবেগবোৰ অভিমানী মেঘৰ টুকুৰা ? আৰু এই কথোপকথনৰ মাজে মাজে আমাৰ বৰষুণৰ আয়োজন ? বৰষুণৰ আয়োজন তোমাৰ মোৰ সেই তাহানিৰেই কথা ! তুমিয়েইটো কৈছিলা — বৰষুণ,
বৰষুণৰ আয়োজন হৃদয়ৰ ভাষালৈ তৰ্জমা নোহোৱা জোনাকী বাটৰ বাটৰুৱা ! !
ঐ০০০
চোৱা!
কেনেকৈ হেৰাই গৈছো অকলশৰীয়াকৈ, তুমি কাষত নোহোৱাকৈ ! আজি ব্যস্ততাৰ কামিজটো খুলি থৈ আহিছো৷ লুইতৰ চাপৰিত সেউজীয়াবোৰ গালে মুখে সানিছো৷ সৌ যে সেউজীয়া সমদল এটা হঠাতে ৰৈ যোৱা যেন দেখিছা বলুকাৰ বন্দৰটোৰ বাঁউসীতে আউজি, তাতেই মোৰ শৈশৱৰ সন্ধিয়া নামিছিল ৷ ভাগৰুৱা সময়ে সন্ধিয়াতে পঢ়া টেবুলৰ চাকিত এঙেৰুৱা বান্ধিছিল ০০০ “ তুমি চিত্ত বৃত্তি মোৰ ০০০” মা হঁতে সন্ধিয়াবোৰ সপিছিল নামঘৰৰ ডবা কাঁহ শঙ্খৰ তালে তালে নেদেখাজনৰ চৰণত ০০০ নদীখনৰ পানীয়ে সেই সন্ধিয়াবোৰ- পুৱা- দুপৰীয়া আৰু আবেলিবোৰ লৈ গ’ল ঠিক তোমাৰ মোৰ সুগন্ধি – সলাজ সম্ভাৱনাৰ সময় সন্ধিয়াবোৰৰ দৰেই ৷ পানীৰ দৰেই সময় ! তথাপি প্ৰেমত পৰিছো পানীৰ – সন্ধান কৰিছো সময়ৰ ০০০ ! নদীয়ে কঢ়িয়াই জীৱন, জীৱনৰ হাঁহি আৰু কান্দোনৰ ধুমায়িত তৰংগ ০০০৷ কথোপকথন নদীয়েও ভাল পায়, সুখৰ পালতৰা নাৱত ভটীয়নী গীতেৰে সজাই ০০০ মোৰ কাষত তুমি মাথো নাই ০০০ ৷

ঐ০০০ নদীৰ দৰে ভালপাওঁ, নদীৰ বিশাল বক্ষৰ সমান ভালপাওঁ তোমাক ৷ তুমি কৈছিলা, “ নদী জানো সদায় ভৰপুৰ হৈ থাকে পানীৰে, মোক ভালপোৱা বাৰিষাৰ নদীৰ জোখাৰে ০০০”৷
মই সুধিছিলো, “ উপচি পৰা মোৰ ভাল পোৱাৰে যদি তোমাৰ হিয়া জুৰ নপৰে ০০? ”
তুমি অভিমানেৰে কৈছিলা, “ মই শেৱালিৰ পাহি হৈ ফুলিম তোমাৰ পদুলিতে, তুমি বুটলিবা হেঁপাহেৰে আলফুলে০০০ !”
নদীৰ গৰাত বহি আছো অকলশৰে৷ কথোপকথনবোৰে মোক নদীৰ ঘাট এটাৰ দৰে নিঠৰুৱা কৰি পানীৰ বুকুত হেৰাই গৈছে৷ আকৌ কথোপকথনৰ অপেক্ষাত ৰৈছো ০০০ তুমি সময় হ’লে এপাক আহিবানে ? কথোপকথনেৰে সময়বোৰ গুঠিবগুঠিবলে ০০০ ? তুমি আহিলে এটিবাৰ , সূৰ্য্যাস্তত হালধীয়া হ’ব লুইতৰ নীলা আকাশ ৷ কোৱানা আহিবানে ? সৌৱা চোৱা, তোমাৰ কপালৰ দগমগ জোনৰ পোহৰত কঁপিছে মোৰ আঙুলিৰে কথা পতা মেঘালী চুলি ! আহিবা দেই অজুহাত পালেই আবিৰ সনা আবেলি, কপালত জিলিকা দগমগীয়া জোনৰ কোলাতে বহি সংগোপনে সুধিম কথোপকথনত এৰি অহা তোমাৰ কম্পিত গোলাপী ওঠৰ চহৰৰ ঠিকনা কেনি ! মাথো সূৰ্য্যাস্তৰ সাক্ষী হ’বলৈ আহিবা তুমি ০০০ !

You might also like