
ক্ষমতা নহ’লে টোপনি যাব নোৱাৰে বাবেই বিজেপিলৈ ঢাপলি মেলিলে সুশান্ত বৰগোহাঁইয়ে
বিজেপিৰ গমনক লৈ আৰু কি ক'লে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন চিকদাৰে.....
আজিৰ খবৰ, গুৱাহাটী, ১আগষ্ট : কংগ্ৰেছে চৰকাৰ গঠন কৰা হেতেন কংগ্ৰেছত থাকিলেহেতেন সুশান্ত। ক্ষমতা নহ’লে টোপনি যাব নোৱাৰে একাংশই। সেয়ে কংগ্ৰেছ ত্যাগ কৰিবলৈ সিদ্ধান্ত লয়। সুশান্তই এটা মাত্ৰ কাৰণ দিয়ক কংগ্ৰেছে কি অন্যায় কৰিছে? ‘সুশান্ত বৰগোহাঁইক কি দিয়া নাছিল কংগ্ৰেছ? কি দিলে সন্তুষ্ট হ’লহেতেন সুশান্ত বৰগোঁহাই? বিধায়কৰ পৰা সাংসদৰ হ’বলৈ সুযোগ দিছিল কংগ্ৰেছে। তাৰপিছতো সন্তুষ্ট নহ’ল নেকি?’- এই প্ৰশ্ন প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন চিকদাৰৰ।। ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো চোকা সমালোচনা কৰি
চিকদাৰে কয় অসমৰ ৰাইজক জনাব লাগে মুখ্যমন্ত্ৰীক আৰু কি কি লাগে?। অগপ, UPPL ক এৰিব বিচাৰিছে নেকি বিজেপিয়ে? যিকোনো মূহুৰ্তত অগপ UPPL ক দলিয়াই দিব পাৰে নেকি? যাৰবাবে ৬৪ সদস্য কৰাৰ যুঁজত বিজেপি। সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়কজনে কয় যে, ‘হিমন্ত বিশ্ব শৰ্মাই কূটকৌশল ৰচিছে ৰাজ্যত। চৰকাৰ বিজেপিৰ, নিজে ৰাজ্যৰ মুখ্যমন্ত্ৰী ।দুই নম্বৰী মানুহ বোৰ আঁতৰি যাব কংগ্ৰেছত। এক নম্বৰৰ মানুহ বোৰ সদায় থাকিব বুলি আক্ষেপ কৰে কংগ্ৰেছী বিধায়কজনে।
