Your Voice, Our Strength

আৰম্ভ হ’ল e-RUPI ডিজিটেল সেৱা ৷ কিনো এই ডিজিটেল সেৱা ?

আজিৰ খবৰ, গুৱাহাটী, ২আগষ্ট:  সোমবাৰৰ পৰা আৰম্ভ হ’ল e-RUPI সেৱা ৷ ডিজিটেল মাধ্যমেৰে পৰিশোধ কৰাৰ ব্যৱস্থাক আৰু অধিক প্ৰচাৰ কৰাৰ উদ্দেশ্যে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিলে e-RUPI নামৰ এক বিশেষ পৰিশোধ সেৱা ৷ এই সেৱাক বিত্তীয় সেৱা বিভাগ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয় আৰু নেচনেল হেল্থ অথৰিটিৰ সহযোগত ভাৰতীয় ৰাষ্ট্ৰীয় পৰিশোধ নিগমে নিজৰ UPI প্লেটফৰ্মত ইয়াক বিকাশ কৰিছে ৷

কিনো এই e-RUPI ডিজিটেল সেৱা ? e-RUPI

P&C

হৈছে ডিজিটেল পৰিশোধৰ বাবে এক নগদবিহীন আৰু যোগাযোগবিহীন সঁজুলি ৷ ই QR code আৰু SMS string-based e-voucher, যাক হিতাধিকাৰীসকলৰ ম’বাইললৈ প্ৰেৰণ কৰা হয় ৷

এই এককালীন পৰিশোধ প্ৰণালীৰ ব্যৱহাৰকাৰীসকলে কাৰ্ড, ডিজিটেল পেমেণ্ট এপ বা ইণ্টাৰনেট বেংকিঙ প্ৰৱেশাধিকাৰ অবিহনে সেৱা প্ৰদানকাৰীৰ ভাউচাৰ ৰিডিম কৰিবলৈ সক্ষম হ’ব ৷

কোনো ধৰণৰ physical interface নোহোৱাকৈ ই সেৱা আগবঢ়োৱা পৃষ্ঠপোষকসকলৰ সৈতে ডিজিটেল মাধ্যমেৰে হিতাধিকাৰীৰ সংযোগ স্থাপন কৰিব ৷ অন্যহাতে লেনদেন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাচতহে যাতে সেৱা প্ৰদানকাৰীৰ পৰিশোধ সম্পূৰ্ণ হয়, সেই কথাও ই নিশ্চিত কৰে ৷এই সেৱা কোনো ধৰণৰ মধ্যস্থতাকাৰীক জড়িত নকৰোৱাকৈ , এই সেৱাই সেৱা প্ৰদানকাৰীক সময়মতে পৰিশোধ কৰাৰ আশ্বাস দিছে ৷ মাতৃ আৰু শিশু কল্যাণ আঁচনিৰ অধীনত ঔষধ আৰু পুষ্টিগত সমৰ্থন প্ৰদান, যক্ষ্মা নিৰ্মূল কাৰ্যসূচী, আয়ুস্মান ভাৰত আৰু প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ দৰে আঁচনিৰ অধীনত ঔষধ আৰু ৰোগ নিৰ্ণয়, সাৰৰ ৰাজ সাহায্য আদি আগবঢ়োৱাৰ উদ্দেশ্যে থকা আঁচনিসমূহৰ জৰিয়তে সেৱা আগবঢ়োৱাৰ বাবেও ইয়াক ব্যৱহাৰ কৰিব পৰা যায় ৷ চৰকাৰে বিভিন্ন আঁচনিৰ হিতাধিকাৰীসকলক প্ৰদান কৰা ‘Sodexo coupon’ ৰ দৰেই এই সেৱাই কাম কৰিব ৷ যাৰ জৰিয়তে সেইসকল লোকে ইণ্টাৰনেট বা অন্য কোনোধৰণৰ পেমেণ্ট এপৰ সহায় নোলোৱাকৈ ইয়াক ব্যৱহাৰ কৰিব পাৰিব ৷

You might also like