Your Voice, Our Strength

কামৰূপ জিলাত এমাহত ১৩১ টা গোচৰ : ১৩ জনক জেললৈ প্ৰেৰণ

আজিৰ খবৰ, গুৱাহাটী, ২ আগষ্ট : ক’ভিড – ১৯ ৰ গণ সংক্ৰমণত সুৰাৰ ভাটি সমূহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে বুলি চিকিৎসা বিজ্ঞানী সকলে মত ব্যক্ত কৰাৰ পাছতে যোৱা জুন মাহৰ শেষৰ ফালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰৰ আৱকাৰী বিভাগক অবৈধ সুৰাৰ ভাটি উচ্ছেদ কৰিবৰ কঠোৰ নিৰ্দেশ জাৰি কৰিছিল । মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে ৰাজ্যৰ আন আন জিলাৰ লগতে কামৰূপ জিলাৰ আৱকাৰী বিভাগেও জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনৰ নিৰ্দেশনাত সময়ে সময়ে সশস্ৰ ৰাখিবৰ সহযোগত দেশী বিদেশী অবৈধ সুৰাৰ ভাটি সমূহত উচ্ছেদ অভিযান আৰম্ভ কৰে । আৱকাৰী সূত্ৰই সদৰি কৰা অনুসৰি জিলাৰ আৱকাৰী অধীক্ষকৰ দায়িত্বত থকা মানৱী দাস আৰু উপ আৱকাৰী অধীক্ষক দিগন্ত বৰুৱাৰ নেতৃত্বত জিলাখনৰ আৱকাৰী চক্ৰ পৰিদৰ্শকৰ কাৰ্যালয়ে সমগ্ৰ জুলাই মাহত ৬৩ টা অভিযান চলায় । অভিযানত আৱকাৰী আইনৰ অধীনত মুঠ ১৩১ টা গোচৰ ৰজু কৰাৰ লগতে হাতে লোটে ধৰা পৰা ১৩ জন সুৰা বিক্ৰেতাক আদালতৰ জৰিয়তে জেললৈ প্ৰেৰণ কৰা হয় । তেনেদৰে ৰাজহুৱা স্থানত সুৰাপান কৰাৰ অপৰাধত ১১ জনক আটক কৰি তেওঁলোকৰ পৰা জৰিমনা হিচাপে ৩৬,৫০০ টকা সংগ্ৰহ কৰা হয় । ইয়াৰ উপৰিও অভিযানত ৯,৮১৩ লিটাৰ চুলাই মদ , চুলাই মদ প্ৰস্তুত কাৰ্যত ব্যৱহৃত ১,০৫,৬৮০ কেজি পাছ , ৮১ টা বিভিন্ন সা সঁজুলি , বিভিন্নজনে বিভিন্ন ব্ৰেণ্ডৰ ১৯৪.৮৬৫ লিটাৰ বিদেশী সুৰা , ১৫৩.৯০ লিটাৰ বিয়েৰ জব্দ কৰা হয় । উল্লেখযোগ্য যে ইয়াৰ ভিতৰত কেবাটাও অভিযান ৰাজহুৱা অভিযোগৰ ভিত্তিত চলোৱা হৈছিল । আনহাতে এই অভিযান আগন্তুক দিনতো চলি থাকিব বুলি আৱকাৰী অধীক্ষক মানৱী দাস আৰু উপ আৱকাৰী অধীক্ষক দিগন্ত বৰুৱাই জানিবলৈ দি এইক্ষেত্ৰত ৰাইজৰ সহায় – সহযোগিতা কামনা কৰিছে ।

You might also like