Your Voice, Our Strength

হত্যাৰ ভাবুকি দিয়া মিজোৰামৰ সাংসদ কে ভানলালভেনাই বিৰুদ্ধে গোচৰ উঠাই লোৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

আজিৰ খবৰ, গুৱাহাটী, ২ আগষ্ট : মিজোৰাম সীমান্তত হোৱা গুলীচালনাৰ ঘটনাৰ পাছতেই মিজোৰামৰ ৰাজ্যসভাৰ সাংসদ কে ভানলালভেনাই সংবাদমাধ্যমৰ আগত অসম আৰক্ষী মিজোৰাম সীমালৈ গ’লে হত্যা কৰাৰ যি ভাবুকি দিছিল তাৰ পাছতেই সমগ্ৰ অসমত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া । মিজোৰামৰ ৰাজ্যসভাৰ সাংসদ কে ভানলালভেনাৰ বিৰুদ্ধে দাখিল কৰা হৈছিল এজাহাৰ । শেহতীয়াকৈ সীমা সমস্যা আলোচনাৰ মাজেৰে মীমাংসা কৰাৰ প্ৰস্তাৱ জনাইছে মিজোৰামৰ মুখ্যমন্ত্ৰী জ’ৰাম থাংগাই।এই পৰিপ্ৰেক্ষিততে গোচৰ প্ৰত্যাহাৰৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে। সাংসদ কে ভানলালভেনাৰ বিৰুদ্ধে দাখিল কৰা গোচৰ উঠাই লোৱাৰ নিৰ্দেশ দিছে অসম আৰক্ষীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ।অৱশ্যে সাংসদগৰাকীৰ ওপৰত থকা গোচৰ প্ৰত্যাহাৰ কৰিলেও আন মিজোৰাম আৰক্ষীৰ ওপৰত তৰা গোচৰ চলাই যাব অসম আৰক্ষীয়ে।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে কয়, “মই মাননীয় মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ সংবাদ মাধ্যমত বিবৃতি উল্লেখ কৰিছো য’ত তেওঁ সীমান্ত বিবাদ সৌহাৰ্দ্যপূৰ্ণভাৱে নিষ্পত্তি কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে।অসমে সদায় উত্তৰ-পূৰ্বাঞ্চলৰ আত্মাক জীয়াই ৰাখিব বিচাৰে।আমি সীমান্তত শান্তি সুনিশ্চিত কৰিবলৈও প্ৰতিশ্ৰুতিবদ্ধ।”

P&C
You might also like