Your Voice, Our Strength

কেতিয়া খুলিব আন্তঃজিলা যাতায়াত ? দুসপ্তাহৰ বাবে জাৰি কৰিলে নতুন SOP ৷

আজিৰ খবৰ, গুৱাহাটী, ২আগষ্ট : ৰাজ্য চৰকাৰে সোমবাৰে জাৰি কৰিলে নতুন SOP ৷ এইবাৰ দুসপ্তাহৰ বাবে জাৰি কৰিছে এই নতুন SOP । নতুন নীতি-নিৰ্দেশনা অনুসৰি লখিমপুৰ আৰু গোলাঘাট জিলাত পুনৰ দুসপ্তাহৰ বাবে দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন বলৱৎ থাকিব । মঙলবাৰৰ পুৱা ৫বজাৰ পৰা এই নতুন SOP কাৰ্যকৰী হ’ব । লখিমপুৰ আৰু গোলাঘাট জিলাৰ বাদে বাকী সকলো জিলাতে সান্ধ্য আইন সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৫ বজালৈ অব্যাহত থাকিব । গোলাঘাট আৰু লখিমপুৰ জিলাত দোকান-পোহাৰ, কাৰ্যালয় আদি দিনৰ ১ বজালৈ খোলা ৰাখিব পাৰিব । ইয়াৰ বিপৰীতে বাকী সকলো জিলাতে বিয়লি ৪ বজালৈকে খোলা ৰাখিব পাৰিব দোকান-পোহাৰ, কাৰ্যালয়। অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত গোলাঘাট আৰু লখিমপুৰত বিয়লি ৫ বজালৈ খোলা ৰাখিব পাৰিব ফলমূল আৰু গাখীৰৰ বিপণী । পূৰ্বৰ দৰে আন্তঃজিলা যাতায়াত পুনৰ দুসপ্তাহৰ বাবে বন্ধ থাকিব ।অৱশ্যে পৰিস্থিতি ভাললৈ আহিলে ১৬ আগষ্টৰ পৰা আন্তঃজিলা যাতায়াত খোলাৰ সম্ভাৱনা আছে ।

P&C
You might also like