বহ্নিমান আবেগৰ সিটো পাৰে মোৰ আকাশ (তৃতীয় খণ্ড)
বহ্নিমান আবেগৰ সিটো পাৰে মোৰ আকাশ
লেখিকা : ধৃতিস্মিতা দাস
ফোনটো ৰিচিভ কৰি,-
:কওঁক ইন্সপেক্টৰ,দুদিন ধৰি কোনো খা খবৰ নাছিল যে?
:ব্যস্ত আছিলো অ’ বহুত,কোৱা এতিয়া অভিমান কেনেকৈ ভাঙো?
:থোৱা,সকলো জানো মই।এদিন ছুটী লৈ ল’গ কৰিব আহিব নোৱাৰে আৰু ফোনৰ সিটো মূৰৰ পৰা মোৰ অভিমান ভাঙে!
:ছ’ৰী বাবা,অহা সপ্তাহত গৈ আছো,কোৱা কি নিম?
:একো আনিব নালাগে,মানুহটো আহি দেখুওৱা,তেতিয়াহে মানিম।
:ইন্সপেক্টৰ বিক্ৰমক চ্যেলেঞ্জ কৰিছা?
:উহো,দাবী কৰিছো।
:মাহঁত ভালে আছেনে?
: উম্,আছে।তোমালোকৰ?
: আছে আছে।মায়ে সোনকালে তোমাক বোৱাৰী ৰূপত পাবলৈ খুব আগ্ৰহেৰে ৰৈ আছে লীনা।
: পুতেকৰ হাততেই চোন সময়ৰ অভাৱ।
: তোমাৰ লগত আৰু কথাত পাৰো নে!
: সেইকাৰণেই কওঁ,মোক অভিমানী কৰি নোলোৱাই ভাল।
: এইবাৰ সঁচাকৈ যাম।
: সময়তহে গ’ম পাম দেই।
: ৰ’বা,থানাৰ পৰা ফোন আহিছে,পিছত ক’ল কৰি আছো তোমাক।
:অকে’।
ইন্সপেক্টৰ বিক্ৰম এজন পুলিছ বিষয়া।ডিব্ৰুগড়ৰ পৰা বডলি হৈ নলবাৰীলৈ আহিছে এবছৰ আগত।নতুনকৈ প্ৰমোচন পাইছে ডি এছ পি লৈ।মিছ পৰাশৰৰ হ’বলগীয়া স্বামী অন্য ধৰনে কবলৈ গ’লে বিয়া থিক হৈ আছে দুয়োৰে মাজত।নিজৰ কামৰ সৈতে তেওঁ ইমানেই ব্যস্ত যে কেতিয়াবা লীনাৰ বাবে সময় উলিওৱাটো তেঁখেতৰ বাবে অসম্ভৱ হৈ পৰে।লীনায়ো কেতিয়াও নিজৰ স্বাভিমান ভাঙি বিক্ৰমক নিজে ফোন নকৰে।কেতিয়াবা সপ্তাহযোৰা মাত-বোল নহয় তেওঁলোকৰ মাজত।তেওঁলোকৰ চিনাকি বহু বছৰ পুৰণি।
বিক্ৰমৰ ফোনটোৱে লীনাৰ আউললগা মনটোক কিছু স্থিৰ কৰি অন্য এটা ফালে লৈ গ’ল।পাঁচ বছৰ আগতে বিক্ৰমৰ লগত চিনাকি হৈছিল লীনাৰ।বিয়াৰ নাম শুনিলেই জাঁপ মৰা সেইজনী লীনাই এদিন বিক্ৰমৰ বিয়াৰ প্ৰস্তাৱক একে উশাহতে গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল,কাৰণ ভালপোৱা?নহয়!তেতিয়ালৈ লীনাৰ হৃদয়ৰ আভ্যন্তৰত ভালপোৱা নামৰ অনুভূতিবিধ ছাইলৈ ৰূপান্তৰিত হৈছিল।আৰু তাৰ ঠাইত খুব প্ৰেক্টিকেল ছোৱালী এজনী হৈ পৰিছিল।এফালে বিক্ৰমৰ কৰ্তব্যনিষ্ঠাই প্ৰথমৰে পৰা লীনাক আকৰ্ষিত কৰিছিল আৰু অন্যহাতে গোটেই জীৱন অকলে থাকিব নোৱাৰ’ বুলি ঘৰখনৰ পৰা পোৱা প্ৰেছাৰৰ লগতে বাঢ়ি অহা বয়সেও লীনাক বিক্ৰমৰ প্ৰস্তাৱ মানি ল’বলৈ বাধ্য কৰাইছিল।চিনাকিৰ ইমান বছৰ পিছতো তাই নাজানে এয়া প্ৰেমৰ শাৰীত পৰে নে নপৰে!তাই নাভাবে,ভবাৰ প্ৰয়োজনবোধ নকৰে।মুঠতে চাৰিওফালৰ মানুহবোৰ সুখী,গতিকে নিজৰ ফালৰ পৰা নতুনকৈ ভবাৰ কোনো দৰকাৰ নাই বুলি তাই ভাবে।
(আগলৈ)