Your Voice, Our Strength

অভিলেখ সংখ্যক ৰাজহ সংগ্ৰহ পৰিবহন বিভাগৰ

মহানগৰ জিলাত চাৰি মাহত ৫৮ কৌটিতকৈ অধিক ৰাজহ সংগ্ৰহ।

আজিৰ খবৰ, গুৱাহাটী, ৪ আগষ্ট : অসম চৰকাৰৰ পৰিবহন বিভাগৰ গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহন বিষয়াৰ ( পঞ্জীয়ন আৰু অনুজ্ঞা ) কাৰ্যালয়ে ক’ভিডৰ সংক্ৰমণ ৰোধৰ বাবে চলি থকা সান্ধ্য আইন , লকডাউন আৰু ৰোগৰ ভয়াবহতা স্বত্বেও চলিত , ২০২১ – ২২ বিত্তীয় বর্ষৰ প্ৰথম চাৰিটা মাহ অৰ্থাৎ এপ্ৰিলৰ পৰা জুলাইলৈ ৰাজ্যৰ ভিতৰতে অভিলেখ পৰিমাণৰ ৫৮,০৭,৭৪,২২২.০০ কৌটি টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । কভিডে জুৰুলা কৰা ৰাজ্যখনৰ পৰিবহন খণ্ডটোৰ বাবে এক ইতিবাচক দিশ বুলি বিবেচিত হৈছে । কিয়নো ক’ভিডৰ বাবে ২০২০ – ২১ বর্ষৰ দৰে চলিত ২০২১ -২২ বৰ্ষটোতো পৰিবহন খণ্ডটোৰ পৰিকাঠামটো প্ৰায় ভাঙি পৰিছে । কামৰূপ মহানগৰ জিলাৰ ( পঞ্জীয়ন আৰু অনুজ্ঞা ) জিলা পৰিবহন বিষয়া গৌতম দাসে সদৰি কৰা অনুসৰি ক’ভিডৰ ভয়াবহতা স্বত্তেও কাৰ্যালয়ৰ যান বাহন পৰিদর্শক , প্ৰৱৰ্তক পৰিদৰ্শক আৰু সমূহ কৰ্মচাৰীৰ সমূহীয়া প্ৰষ্টেটাত কভিডৰ প্ৰত্যাহ্বান নেওচিও কাম কৰা বাবে বিগত চাৰিটা মাহত ৫৮ কৌটি টকাতকৈ অধিক পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিব পৰা গৈছে । সমান্তৰালভাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰিবহণকে ধৰি ৰাজহ সংগ্ৰহকাৰী বিভাগ সমূহক সুৰুঙা নৰখাকৈ ৰাজহ সংগ্ৰহ কৰা কামত আত্মনিয়োগ কৰিবলৈ জনোৱা আহ্বানৰ আঁত ধৰি পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৰাজ্যৰ প্ৰতিখন জিলাৰ জিলা পৰিবহণ বিষয়াক ভি ডি অ কনফাৰেনসিং যোগে ৰাজহ সংগ্ৰহ ব্যৱস্থা বাহাল ৰাখিবলৈ নিৰ্দেশ দিছিল । পৰিবহণ মন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই জুলাই মাহৰ প্ৰথম সপ্তাহৰ পৰা মহানগৰ জিলাৰ যান বাহন পৰিদৰ্শক , প্ৰৱৰ্তক সকলে জিলা পৰিবহণ বিষয়া গৌতম দাসৰ নেতৃত্বত আৰু কেবাটাও গোটত ভাগ ভাগকৈবছৰ বছৰ ধৰি বিভাগক ৰাজহ আদায় নিদিয়াকৈ থকা বিভিন্ন বহুজাতিক কোম্পানী , ট্ৰেন্সপোৰ্ট এজেন্সি আদিত গৈ যাবতীয় বা অনাদায়ী ৰাজহ আদায় দিয়াৰ বাবে সজাগতা অভিযান আৰম্ভ কৰে । কৰ আদায় নিদিয়া বাহনৰ পৰা জৰিমনা বিহা হব বুলিও অভিযানকাৰী দলে সতৰ্ক কৰি দিয়া হয় । অভিযানত কামৰূপ মহানগৰ জিলাৰ আন দুজন জিলা পৰিবহন বিষয়া ৰফিকুল ইছলাম আৰু হিমাংশু দাসৰ লগতে যান বাহন পৰিদর্শক , প্ৰৱৰ্তক পৰিদর্শক , সহ পৰিদর্শক আৰু প্ৰৱৰ্তক চেকাৰ সকলেও ভাগ লৈছিল । ফলত তেনে বহুজাতিক কোম্পানী বা ট্ৰেন্সপোৰ্ট এজেন্সিয়ে ৰাজহ আদায় দিবলৈ আগবাঢ়ি অহাত কেৱল জুলাই মাহতে অভিলেখ পৰিমাণৰ ১৮,৯৮,৩৪,৭৭.০০ কৌটি টকাৰ ৰাজহ সংগ্ৰহ হয় । বিগত বর্ষৰ জুলাই মাহত সংগ্ৰহীত ৰাজহৰ পৰিমাণ আছিল ৬,০১,৪৮,৬০৮.০০ টকা । বিগত বৰ্ষৰ জুলাই মাহৰ তুলনাত এইবেলি প্ৰায় ১২.৯৭ কৌটি টকাৰ অধিক ৰাজহ সংগ্ৰহ কৰিব পৰা গৈছে । এই বৃদ্ধিৰ পৰিমাণ হল ২১৫.৮০ শতাংশ । তেনেদৰে চলিত বিত্তীয় বর্ষৰ পহিলা এপ্ৰিলৰ পৰা ৩১ জুলাই পৰ্যন্ত মুঠ সংগ্ৰহীত ৰাজহৰ পৰিমাণ হল ৫৮,০৭,৭৪,২২২.০০ কৌটি টকা । বিগত বৰ্ষৰ একে সময়চোৱাত সংগ্ৰহীত ৰাজহৰ পৰিমাণ আছিল ২৬,৩৫,৫৯,৭৫০.০০ কৌটি টকা । অৰ্থাৎ বিগত বৰ্ষৰ চাৰিটা মাহৰ তুলনাত এইবেলি ৩১.৭২ কৌটি টকাতকৈ অধিক ৰাজহ সংগ্ৰহ হৈছে । এই বৃদ্ধিৰ পৰিমাণ হল ১২০.৩৩ শতাংশ ।উল্লেখযোগ্য যে ৰাজহ সংগ্ৰহ অভিযানৰ সমান্তৰালভাৱে কাৰ্যালয়ৰ ফালৰ পৰা বিভিন্ন এন জি অৰ সহযোগত গুৱাহাটীৰ কেবাটাও ৰাজপথত চলাচল কৰা চিটিবাছ আদিৰ চালক , পৰিচালক , হেণ্ডিমেন আৰু তেওঁলোকৰ পৰিয়ালৰ লোকৰ বাবে ক’ভিড প্ৰতিৰোধী ভেকচিন প্ৰদান শিবিৰ অনুষ্ঠিত কৰা হৈছে বুলি জিলা পৰিবহণ বিষয়া গৌতম দাসে সদৰি কৰিছে ।

 

You might also like