
আজিৰ খবৰ, ৪ আগষ্ট : টকিঅ’ অলিম্পিকত অসমৰ প্ৰথম মহিলা বক্সাৰ লাভলীনা বৰগোহাঁই সমস্ত শক্তি প্ৰয়োগ কৰি “ব্ৰঞ্জ”ৰ পদক কঢ়িয়াই অনা বাবে ৰাজ্যৰ ভিন – ভিন দল-সংগঠনে একেমুখে অভিনন্দন, শুভেচ্ছা, শুভকামনা জনাইছে। এক বাৰ্তাত “বহুবাক” (বহুভাষিক সাহিত্য মঞ্চ, অসম)ৰ প্রধান সম্পাদক দীপক শৰ্মাই কয়- “জোকাইচুকীয়া অখ্যাত গাঁৱ এখনৰ পৰা গৈ আজি অসমক, ভাৰতক গৰ্বৰে গৰ্বিত কৰিলে। লাভলীনা অসমৰ প্ৰধান সম্পদ।” লাভলীনা বৰগোহাঁইক একেমুখে শুভেচ্ছা জনাইছে- বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষিন্দ্ৰ সিংহ, গুৱাহাটী উচ্চ ন্যায়ালয় বাৰ এচচিয়েছনৰ সচিব প্রধান জিতেন পায়েং, নিখিল ৰাভা লেখিকা সমাৰোহ সমিতিৰ সভাপতি ড০ মলিনা দেৱী ৰাভা, মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্র মেধি, গুৱাহাটী জিলা বড়ো সাহিত্য সভাৰ সম্পাদক গোলাপ বড়ো, দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ মদন দাস, পৰাগজ্যোতি প্ৰকাশন, ৰাষ্ট্ৰীয় স্বয়ং স্বেৱক সংঘৰ দক্ষিণ কামৰূপৰ সেৱা প্ৰমুখ সীমান্ত দাস আদি দল-সংগঠনে। প্ৰতিটো দল-সংগঠনে একেমুখে কয়- লাভলীনাই অসমৰ নাম বিশ্বৰ বুকুত জিলিকাই তুলিলে। তেওঁৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিছে।
