Your Voice, Our Strength

আৰক্ষীৰ এনকাউণ্টাৰত এইবাৰ গুলীবিদ্ধ হ’ল বগা

সামাজিক মাধ্যমত আৰক্ষীক ব্যাপক প্ৰশংসা

আজিৰ খবৰ, গুৱাহাটী, ৫ আগষ্ট : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অপৰাধীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে শূন্য সহনশীলতা নীতি অৱলম্বন কৰিব বুলি ঘোষণা কৰাৰ পাছতেই ৰাজ্যজুৰি আৰক্ষীয়ে অপৰাধীৰ বিৰুদ্ধে বিশেষ অভিযান আৰম্ভ কৰিছে । বিগত প্ৰায় আঢ়ৈমাহ ধৰি চলোৱা এনে অভিযানত কেবাজনো ড্ৰাগছ , গৰুৰ চোৰাং বেহা চলোৱা বেপাৰীৰ লগতে মৰিগাঁওৰ পাঠাৰ দৰে শিশুক যৌন নিৰ্যাতন চলোৱা অপৰাধীক পলাই যাবলৈ ধৰা অৱস্থাত গুলীবিদ্ধ কৰিবলৈ সক্ষম হৈছে । এনে অভিযানক লৈ একাংশই সমালোচনা কৰাৰ বিপৰীতে বহু লোকে আৰক্ষীক প্ৰশংসা কৰা পৰিলক্ষিত হৈছে । আনহাতে যোৱাকালি পলাশবাৰী আৰক্ষীয়ে গুলীবিদ্ধ কৰা দক্ষিণ কামৰূপৰ সৰ্বকালৰ কুখ্যাত অপৰাধী আনোৱাৰ হুছেইন ওৰফে বগাক লৈ সামাজিক মাধ্যম সমূহত ব্যাপক চর্চা হৈছে । আনকি দক্ষিণ কামৰূপৰ সকলো সামাজিক মাধ্যমত বগাক গুলীবিদ্ধ কৰাৰ বাবে আৰক্ষীক উচ্চ প্ৰশংসা কৰা হৈছে । বৰঞ্চ বহু লোকে বগাৰ দৰে সৰ্বকালৰ এনে অপৰাধীক গুলীয়াই মাৰিব লাগিছিল বুলিও মন্তব্য কৰা পৰিলক্ষিত হৈছে । এইখিনীতে উল্লেখযোগ্য যে আনোৱাৰ হুছেইন ওৰফে বগা নামেৰে দক্ষিণ কামৰূপত পৰিচিত বগাৰ ঘৰ বিজয়নগৰ আৰক্ষী চকীৰ পৰা মাত্ৰ আধা কিঃমিঃ নিলগৰ হালীগাঁওত । বিগত প্ৰায় ডেৰটা দশকত দুচকীয়া , চাৰিচকীয়া বাহন চুৰিৰ লগত জড়িত হৈ সমগ্ৰ অসমত সন্ত্ৰাসৰ সৃষ্টি কৰা বগা বহুবাৰ হাতে লোটে ধৰা পৰি জেললৈ যাবলগীয়া হৈছে । কিন্তু জামিনত ওলাই আহি পুনৰ এনে ধৰণৰ ঘটনাত জড়িত হৈ পৰে । সমান্তৰালভাৱে এজন পেছাদাৰী হত্যাকাৰী আৰু ডকাইত হিচাপে কুখ্যাতি থকা বগা কেইদিনমান পূৰ্বে দিনৰ পোহৰতে বিজয়নগৰত পৱন আগৱাৰৱালা নামৰ এজন ব্যৱসায়িক পিষ্টলৰে হত্যাৰ চেষ্টা চলাই যদিও দৈবক্ৰমে ব্যবসায়ীজন ৰক্ষা পৰে । কিন্ত ব্যৱসায়িক প্ৰতিষ্ঠান খনত থকা চি চি টি ভিৰ সহায়ত আৰক্ষীয়ে বগাক চিনাক্ত কৰে । তাৰ দুদিন পাছত দক্ষিণ কামৰূপৰ জোৰশিমলু নামৰ অঞ্চলত শহুৰেকৰ ঘৰত আত্মগোপন কৰি থকা অৱস্থাত আৰক্ষীয়ে অভিযান চলাই বগাৰ লগতে এজন সহযোগীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । এইখিনিতে কোৱা ভাল যে অবৈধ অস্ত্ৰৰ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগ থকা বগাৰ সৈতে অনবৰতে থাকে অত্যাধুনিক বিদেশত নিৰ্মিত পিষ্টল । যি পিষ্টল সাধাৰণতে চোৰাংচোৱা বিষয়া সকলেহে অভিযানৰ সময়ত ব্যৱহাৰ কৰে । ইফালে বিজয়নগৰত প্ৰায় আঢ়ৈ বছৰ পূৰ্বেও বগাই শান্তিলাল জৈন নামৰ এজন ব্যৱসায়িক হত্যা কৰিছিল । কিন্তু সেই সময়তো বগাই জামিন লাভ কৰিছিল । আন্তৰ্জাতিক আৰু আন্তঃৰাজ্যিক গাড়ী আৰু অবৈধ অস্ত্ৰ ব্যৱসায়ৰ সৈতে জড়িত বগা ধৰা পৰিলেই তেওঁক জামিনত মোকলাই নিবৰ বাবে সাজু হৈ থাকে বিশেষ অধিবক্তাৰ দল । কিন্তু শেহতীয়াকৈ বিজয়নগৰৰ মাৰোৱাৰী সম্প্ৰদায়ৰ লোক আৰু হিন্দু ধৰ্মাৱলম্বী লোক বগাৰ বিশেষ টাৰ্গেট হৈ পৰা ঘটনাই সচেতন মহলক চিন্তিত কৰি তুলিছে । অভিযোগ মতে বগা জেললৈ গলে তেওঁক মোকলাই অনা অধিবক্তাৰ একাংশ কেৰেলাৰ ইছলামিক মৌলবাদী সংগঠনৰ সৈতে জড়িত পি এফ আইৰ সৈতে সম্পৰ্ক আছে । তেওঁলোকে বগাক হিন্দু বা মাৰোৱাৰী সম্প্ৰদায়ৰ লোকক টাৰ্গেট কৰিবলৈ উৎসাহিত কৰে বুলি সন্দেহ ব্যক্ত কৰা হৈছে । যাৰবাবে সচেতন লোক সকলে আৰক্ষীক এই বিষয় সমূহো তদন্তত সামৰি লবলৈ আহ্বান জনাইছে ।

P&C
You might also like