Your Voice, Our Strength

সীমা বিবাদক লৈ এইবাৰ শংকিত পশ্চিম গুৱাহাটীৰ গনপতিৰ বাসিন্দা

৬ আগষ্টত কনৰাড চাংমাৰ সৈতে আলোচনাত বহিব মুখ্যমন্ত্ৰী

আজিৰ খবৰ, গুৱাহাটী, ৫ আগষ্ট : অসম – মিজোৰামৰ মাজত চলি থকা সীমা বিবাদ কেন্দ্ৰীক আলোচনাৰ মাজতে ৬ আগষ্টত গুৱাহাটীত অনুষ্ঠিত হব অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী পৰ্যায়ত উচ্চস্তৰীয় আলোচনা । ইয়াৰ কিছুদিন পূৰ্বে মেঘালয়ৰ ৰাজধানী শ্বিলঙত দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মাজত আলোচনা অনুষ্ঠিত হৈছিল । সেই আলোচনাত হোৱা সিদ্ধান্ত অনুসৰি ৬ আগষ্টত গুৱাহাটীত ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমাৰ মাজত সীমা বিবাদৰ সম্পৰ্কীয় পোনপটীয়া কথা বতৰা হব । ইফালে মেঘালয় চৰকাৰে গুৱাহাটীত অনুষ্ঠিত হবলগীয়া প্ৰস্তাৱিত আলোচনাক লৈ যথেষ্ট গুৰুত্ব আৰোপ কৰিছে । কিয়নো বিগত ২৭ জুলাইত গুৱাহাটীৰ গাতে লগা মেঘালয়ৰ সীমান্তবৰ্তী ৰিভয় জিলা প্ৰশাসনে খানাপাৰাৰ পৰা চানডুবিৰ সমীপলৈকে অসমৰ ভিতৰত থকা প্ৰায় ২৫ খন গাঁওৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিবলৈ যি তৎপৰতা আৰম্ভ কৰিছে তাক লৈ সীমান্তবৰ্তী গাঁও সমূহৰ বাসিন্দা সকল চিন্তিত হৈ পৰিছে । বিশেষকৈ পশ্চিম গুৱাহাটীৰ সৰু মফচলীয়া অঞ্চল ৰাণীৰ গাতে লগা গণপতিক বিগত কেবা বছৰ ধৰি মেঘালয়ে তেওঁলোকৰ অঞ্চল বুলি প্ৰমাণিত কৰিবলৈ উঠি পৰি লাগিছে । এই সন্দৰ্ভত গণপতি অঞ্চলৰ কেবাজনো বাসিন্দাই অভিযোগ কৰা অনুসৰি পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ ভুলৰ বাবে অঞ্চলটোক মেঘালয়ে নিজৰ বুলি দাবী কৰিবলৈ সাহষ পাইছে । আনকি সীমাৰ পৰা বহু ভিতৰলৈ সোমাই আহি খাচী হিলছ এট’নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল চমুকৈ “কে এইছ এ ডি চি”এ ২০১৫ চনত গৃহ নিৰ্মাণ কৰি তাত গনপতি ভিলেজ দৰবাৰ হল স্থাপন কৰিছে । সমান্তৰালভাৱে অসমৰ বহু বাসিন্দাক ভোটাধিকাৰ , মাটিৰ পট্টা , ৰেচন কাৰ্ড , আধাৰ কাৰ্ড আদি প্ৰদান কৰিছে । অথচ এই সন্দৰ্ভত তেতিয়া স্থানীয় পলাশবাৰী ৰাজহ চক্ৰ বিষয়াক অৱগত কৰা হৈছিল । কিন্ত বাসিন্দা সকলে অভিযোগ কৰা মতে তেতিয়া চক্ৰ বিষয়াই এনে স্পৰ্শকাতৰ বিষয়টোত গুৰুত্ব নিদিয়াত মেঘালয়ে তেওঁলোকৰ আগ্ৰাসন অব্যাহত ৰাখে । অঞ্চলটোৰ ৭৫ শতাংশৰো অধিক লোকৰ মাটিৰ পট্টা নাই । যুগ যুগ ধৰি বাস কৰি অহা গাৰো সম্প্ৰদায়ৰ লোকসকলে নিজকে অসমৰ লোক বুলি গৌৰৱ কৰি আহিছে । কিন্তু অসম চৰকাৰৰ অৱহেলাৰ বাবে বাসিন্দা সকল শংকিত হৈ পৰিছে । কিয়নো ৬ আগষ্টৰ প্ৰস্তাৱিত আলোচনাত যদি মেঘালয়ে গনপতিক তেওঁলোকৰ বুলি দাবী কৰে তেতিয়া কি হব । আনকি বিগত পাঁচ বছৰত পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ তৎপৰতাত ৰাণীৰ পৰা প্ৰায় ৩ কিঃমিঃ নিলগৰ মেঘালয় সীমান্তৰ গাতে লগা ঐতিহাসিক গণপতি মন্দিৰলৈ পথ নিৰ্মিত কৰা হৈছে । সমান্তৰালভাৱে বনভোজথলী হিচাপে পৰিচিত কপিলীৰ সমীপৰে গড়ভঙালৈ এটা পথ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে । কিন্তু পথ নিৰ্মাণ হলেও যুগ যুগ ধৰি বাস কৰি অহা বাসিন্দা সকলক অতি প্ৰয়োজনীয় মাটিৰ পট্টা প্ৰদান নকৰাত ৰিভয় জিলা প্ৰশাসনে মাটিৰ পট্টা প্ৰদানৰ কাম আৰম্ভ কৰিছে । আনকি চৰকাৰী – বেচৰকাৰী বিদ্যালয় স্থাপনৰ কামো অব্যাহত ৰাখিছে ।এক কথাত মেঘালয় প্ৰশাসনে গনপতিক নিজৰ বুলি দাবী কৰিবলৈ সকলোখিনি তৎপৰতা সম্পূৰ্ণ কৰি তুলিছে ।

P&C
You might also like