Your Voice, Our Strength

কলিয়াভোমোৰা দলঙৰ ওপৰত বুকু কঁপি যোৱা ভয়ংকৰ দুর্ঘটনা।

আজিৰ খবৰ, তেজপুৰ, ৬ আগষ্ট: কলিয়াভোমোৰা দলং ত নিশা পথ দুর্ঘটনা। কথমপি দলঙৰ পৰা ব্ৰহ্মপুত্ৰত নপৰিল ট্ৰাক । দুর্ঘটনাগ্ৰস্ত ট্ৰেইলাৰ খনৰ নম্বৰ GJ 05 AT 2831 । তেজপুৰ ডেকাৰ গাওঁৰ পৰা গোলাঘাটলৈ বুলি পাইপ কঢ়িয়াই আনিছিল ট্ৰেইলাৰখনে । কলিয়াভোমোৰা দলঙৰ ওপৰত আগে আগে গৈ থকা অন্য এখন ট্ৰাকক পিছফালৰ পৰা খুন্দিওয়াৰ ফলত সংঘটিত হয় দুর্ঘটনাটো।

P&C

দুর্ঘটনাটো ত আহত হয় চালকজন। দুর্ঘটনাটো সংঘটিত হোৱাৰ পাছত দলং খনত যান-যঁতৰ সৃষ্টিহয় । স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুর্ঘটনাগ্ৰস্ত গাড়ীখন আঁতৰাই পথ মুকলি কৰি দিয়ে ।পিছ ফালে খুন্দা খোৱা বাহন খন নৰখোৱাৰ বাবে সেই বাহন খনৰ কোনো তথ্য উদ্ধাৰ কৰিব নোৱাৰিলে আৰক্ষীয়ে । বৰষুণৰ বাবেই এই দুর্ঘটনাটো সংঘটিত হয় বুলি ধাৰণা কৰিছে আৰক্ষীয়ে ।

You might also like