
মিৰ্জাৰ পৰা লাডাখলৈ খোজৰে যাত্ৰা কৰিবলৈ সাজু হৈছে ৰাষ্ট্ৰীয় খেলুৱৈ অঞ্জলি দাস।
আজিৰ খবৰ , ৬ আগষ্ট : চকুত অযুত সপোন, বুকুত অদম্য সাহস, মনত প্ৰবল আত্মবিশ্বাসেৰে কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ মিৰ্জাৰ সমীপৰ বৰিহাটৰ হাটখোৱাপাৰা নিবাসী ৰাষ্ট্ৰীয় খেলুৱৈ অঞ্জলি দাসে নিজ গৃহৰ পৰা নিজৰ একক তথা ঐকান্তিক প্ৰচেষ্টাৰে লাডাখলৈ খোজ কাঢ়ি যাৱলৈ সম্পূর্ণভাৱে সাজু হৈছে। প্ৰায় ২,৮০০ কিলোমিটাৰ দূৰত্বত থকা ভাৰত-চীন সীমান্তবৰ্তি লাডাখলৈ খোজকাঢ়িব যাব খোজা অঞ্জলি দাসে হৈছে অসম তথা উত্তৰ-পূৱৰ প্ৰথম গৰাকী মহিলা। অতুলনীয় সাহসী নাৰী অঞ্জলি দাসে যাত্রা কৰিব অহা ১৩ আগষ্টৰ পুৱা। ২০২০ চনত ২০০০ মিটাৰ দৌৰত “MTS STEEPLE CHASE” শীর্ষক প্ৰতিযোগিতাত ৰাষ্ট্ৰীয় পৰ্যায়ত স্বৰ্ণ পদক অৰ্জন কৰিছিল অঞ্জলী দাসে । তেওঁ ভিন ভিন সময়ত মাৰাথান দৌৰ, কাবাডি, চাইক্লিঙকে ধৰি বিভিন্ন খেলত ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্রহণ কৰি সুনাম অর্জন কৰিছিল। খেলুৱৈ গৰাকীয়ে জানিব দিয়া মতে- প্ৰতিদিনে নিতৌ ২০-২৫ কিলোমিটাৰ দৌৰৰ উপৰি ৩-৪ ঘন্টা চাইক্লিঙৰ লগতে বিভিন্ন ধৰণৰ অনুশীলন অব্যাহত ৰাখিছে। “মিছন ফিট ইণ্ডিয়া” উদ্দেশ্য আগত ৰাখি যাত্রা কৰিবলগীয়া অঞ্জলি দাসে এই দীঘলীয়া যাত্রাত তেওঁৰ একমাত্র পুত্র অঞ্জনজ্যোতি দাস আৰু নিবাৰণ দাস নামৰ যুৱক এজনেও যাৱতীয় সহায়ক হিচাপে থাকিব। তেওঁ প্ৰতিদিনে ৫০ কিলোমিটাৰ খোজ কঢ়াৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । “বহুবাক” (বহুভাষিক সাহিত্য মঞ্চ, অসম) আৰু দক্ষিণ কামৰূপ সচেতন মঞ্চই যুটীয়া ভাৱে আজি খেলুৱৈ গৰাকীক সম্বৰ্দ্ধনা জনোৱাৰ লগতে সুস্বাস্থ্যৰে লক্ষ্যত উপনীত হবৰ বাবে শুভেচ্ছা জনায় । অঞ্জলি দাসে কয়- যি কোনো উপায়েৰে নহওক কিয়, মই এইবাৰ লাডাখত খোজ দিমেই । মই সম্পূর্ণ সাজু। সমস্ত ধুমুহা, বাধা-বিঘিনিক হেলাৰঙে বশ কৰিবৰ বাবে সাজু। মাথোঁ লাগে ৰাইজৰ আশীর্বাদ।” বহুবাকৰ প্সম্পাদক দীপক শৰ্মা,সচেতন মঞ্চৰ অধ্যক্ষ মদন দাস আৰু দক্ষিণ কামৰূপ কোচ-ৰাজবংশী যুৱ ছাত্র সন্মিলনীৰ সম্পাদক ধৰ্মেন্দ্ৰ দাসে প্ৰবল সাহস, তথা প্ৰচুৰ আত্মবিশ্বাস থকা মহিলা খেলুৱৈ গৰাকীক এই ক্ষেত্ৰত
ৰাজ্যৰ মুখ্যমন্ত্রী, ক্ৰীড়া মন্ত্রী, ক্ৰীড়া বিভাগে সহায় কৰিবলৈ আগবাঢ়ি আহিব লাগে বুলি মন্তব্য আগবঢ়াই ।
