Your Voice, Our Strength

মহানগৰীত আৰক্ষীৰ অভিযানত গীতানগৰ আৰক্ষীৰ জালত বৃহৎ জালনোট চক্ৰ ৷

আজিৰ খবৰ, গুৱাহাটী, ৬ আগষ্ট: অসম সচিবালয়ৰ প্ৰৱেশ পত্ৰ লৈ ৰাজ্যত জালনোটৰ পোহাৰ মেলিছে এটা দুষ্ট চক্ৰই। অসম সচিবালয়ৰ প্ৰৱেশ পত্ৰ লৈ শদিয়াৰ পৰা ধুবুৰীলৈ জাল নোটৰ বেহা চলাই দেশৰ অৰ্থনৈতিক ক্ষেত্ৰত ৰামটাঙোন সুধাইছে । নকল নোটৰ বেহাৰ তথ্য লাভ কৰি মহানগৰী গীতানগৰ আৰক্ষীৰ অভিযান । অভিযানত গীতানগৰ আৰক্ষীৰ জালত বৃহৎ জালনোট চক্ৰ ৷  গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত গীতানগৰ থানাৰ তদন্তকাৰী বিষয়া উপ পৰিদৰ্শক অৰুণ বৰুৱা নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই মঙ্গলবাৰে গীতানগৰৰ শিৱ নগৰ পথৰ এটা ভাড়া ঘৰত অভিযান চলাই জালনোট সহ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে। ধৃত মহিলাগৰাকী হৈছে  মামণি ৰয় বড়ো (৪৩) । আৰক্ষীৰ জেৰাত ধৃত মামণি ৰয় বড়োৱে ফটাশিল আমবাৰীৰ আজমল হকৰ পৰা জালনোট অনা বুলি স্বীকাৰোক্তি দিয়ে। ধৃত মহিলাগৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে ফটাশিল আমবাৰীৰ এটা ভাড়াঘৰত অভিযান চলাই আজমল হকৰ পত্নীক গ্ৰেপ্তাৰ কৰে। ধৃত মহিলা গৰাকী হৈছে হেন্টামালা বিবি। ধৃত হেন্টামালাৰ  স্বীকাৰোক্তিৰ ভিত্তিত বাকোৰ ২ নং বৰুৱা পাৰা তকলা গাওৰ আজমল হকৰ ঘৰত বুধবাৰে নিশা গীতানগৰ আৰক্ষীয়ে অভিযান চলাই। আৰক্ষীৰ অভিযানত জালনোট চাৰি লাখ টকা , জালনোট চপোৱা প্ৰিন্টিং মেচিন, হিতাৰ মেচিন, পেপাৰ কাটাৰ মেচিন, বন পেপাৰৰ ৰিম, পলিমাৰ পেপাৰ, চিম কাৰ্ড, এটিম, অসম পুলিচৰ টি চাৰ্ট, অসম সচিবালয়ৰ প্ৰৱেশ পত্ৰ, এখন বাতৰি কাকতৰ পৰিচয় পত্ৰৰ লগতে বহু আপত্তি জনক নথি পত্ৰ জব্দ কৰে। জালনোট প্ৰস্তুতকাৰী মূল মাষ্টাৰমাইণ্ড পলাতক আজমল হকক গ্ৰেপ্তাৰ কৰিবলৈ মহানগৰ আৰক্ষীয়ে তীব্ৰ অভিযান চলাই আছে।  ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গীতানগৰ থানাত  ৩১০/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

P&C
You might also like