আৰক্ষী লৈ ফোন : ৰে’ল ষ্টেছন আৰু অমিতাভ বচ্চনৰ ঘৰত ৰখা হৈছে শক্তিশালী বোমা
আজিৰ খবৰ, মুম্বাই, ৭আগষ্ট : মাজনিশা অচিনাকী কণ্ঠৰ টেলিফোনে আৰক্ষীৰ মাজত হাহাকাৰ সৃষ্টি কৰিছে । এই ঘটনা সংঘটিত হৈছে মুম্বাইত ।মাজনিশা টেলিফোন যোগে মুম্বাই আৰক্ষীলৈ কোনো অচিনাকী কণ্ঠৰ ব্যক্তিয়ে ফোন কৰি তিনিটা ৰেল ষ্টেচন আৰু অমিতাভ বচ্চনৰ ঘৰত শক্তিশালী বোমা থকাৰ কথা সদৰি কৰে । অচিনাকী কণ্ঠই আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ ফোন কৰি জনায় যে,মুম্বাইৰ তিনিটা ৰে’ল ষ্টেছনৰ লগতে বিগ বি অমিতাভ বচ্চনৰ ঘৰত ৰখা হৈছে শক্তিশালী বোমা।নএই খবৰ অৱগত কৰাৰ পিছতে আৰক্ষীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। লগে লগে অমিতাভ বচ্চনৰ ঘৰৰ লগতে ছত্ৰপতি শিৱাজীমহাৰাজ টাৰ্মিনাছ,বাইকুল্লা আৰু দাদৰ ৰেএ’ল ষ্টেছনত আৰম্ভ কৰা হয় তালাচী। অৱশ্যে আৰক্ষীয়ে অভিযান চলায় ক’তো নাপালে বোমাৰ সন্ধান। তালাচীৰ পিছতহে ইতিমধ্যে সেই ফোন কল ভুৱা বুলি জানিব পৰা গৈছে । ইয়াৰ পূৰ্বেও যোৱা মে’ মাহত মুম্বাইত থকা মহাৰাষ্ট্ৰৰ সচিবালয়ত বোমা ৰখা হৈছে বুলি মুম্বাই আৰক্ষীলৈ এনে ধৰণৰ ফোন আহিছিল। আৰক্ষীয়ে ফোন কৰা লোক জনৰ সন্ধানত অনুসন্ধান আৰম্ভ কৰিছে।
Police Control Room received a phone call last night, threatening that bombs have been placed at four locations across Mumbai. Search was done by Police, bomb squad & GRP team. In probe, it was found to be hoax call. Police team finding out the caller &his location: Mumbai Police
— ANI (@ANI) August 7, 2021