Your Voice, Our Strength

গোটানগৰ সংৰক্ষিত বনাঞ্চলৰ শিৱনগৰত খানামুখ খণ্ড বন কাৰ্যালয়ৰ উচ্ছেদ অভিযান

আজিৰ খবৰ, গুৱাহাটী, ৭ আগষ্ট : পৰিবেশ সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰৰ বন বিভাগে বনাঞ্চলত বেদখল উচ্ছেদ অভিযান , উচ্ছেদিত স্থানত গছপুলি ৰোপনকে ধৰি কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা স্বত্বেও একাংশ লোকে ৰাজ্যৰ আন বনাঞ্চলৰ লগতে গুৱাহাটী মহানগৰীতো বিভিন্ন কূট কৌশল অৱলম্বন কৰি বনাঞ্চলৰ মাটি বেদখল কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । অৱশ্যে শেহতীয়াভাৱে ৰাজ্য চৰকাৰৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৰাজ্যৰ সকলো বন সংমণ্ডল প্ৰাধিকাৰীক নিজ নিজ এলেকাৰ সংৰক্ষিত বনাঞ্চলত বনভূমি বেদখল কৰা বেদখলকাৰীক উচ্ছেদ কৰি তাত পৰিবেশ সংৰক্ষণৰ বাবে গছপুলি ৰোপন কৰিবলৈ নিৰ্দেশ দিছে । এই নিৰ্দেশৰ আধাৰত পূৱ কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী ৰোহিণী বল্লভ শইকীয়াই সংমণ্ডলৰ পাঁচোটা বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত খণ্ড বন বিষয়া সকলক তেওঁলোকৰ অধীনৰ সংৰক্ষিত বনাঞ্চল সমূহ বেদখলমুক্ত কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে । বন সংমণ্ডল প্ৰাধিকাৰীৰ নিৰ্দেশত যোৱাকালি গুৱাহাটী বনাঞ্চলৰ অধীনৰ খানামুখ খণ্ড বন বিষয়া কাৰ্যালয়ে গোটানগৰ সংৰক্ষিত বনাঞ্চলৰ মাধৱদেৱ নগৰৰ শিৱনগৰত নতুনকৈ বেদখল কৰি নিৰ্মাণ কৰা এটা ঘৰ ভাঙি পেলায় । খণ্ড বন বিষয়া ৰূপন হালৈৰ নেতৃত্বত যোৱা বনকর্মীৰ দলটোৱে দুদিনমান পূৰ্বে নিৰ্মাণ কৰা তৰ্জাৰ এটা চালিঘৰ ভাঙি দিয়ে । উল্লেখযোগ্য যে বিগত জুন মাহতো গোটানগৰ সংৰক্ষিত বনাঞ্চলত নতুনকৈ বেদখল কৰা দুটাকৈ ঘৰ উচ্ছেদ কৰিছিল খানামুখ খণ্ড বন বিষয়াৰ কাৰ্যলয়ে ।

P&C
You might also like